MLA Rupjyoti Kurmi: অম্বাসুৰৰ ৰূপত অৱতাৰ ধাৰণ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 12:10 PM IST

thumbnail

যোৰহাট, 25 ছেপ্টেম্বৰ : ৰাজ্যবাসীৰ মাজত সততে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এইবাৰ নতুন ৰূপত আৱিৰ্ভাব । মৰিয়নীৰ চেলেংহাটৰ কুকুৰাচোৱা বৰনামঘৰত জগতগুৰু মহাপুৰুষ শংকৰদেৱ জন্মোৎসৱত প্ৰদৰ্শিত "সিন্ধু মুনিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ" ভাওনাত ’অম্বাসুৰ’ অসুৰৰ ভাওত অভিনয় কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

সাৱলীল অভিনয়েৰে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰাৰ লগতে ভাওনাৰ কেন্দ্ৰবিন্দু হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী । উল্লেখ্য যে, চেলেংহাটৰ "সদৌ লাহিং মৌজা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতি"য়ে এইবাৰ ৭৫ বৰ্ষত ‘‘হীৰক জয়ন্তী’’ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন কৰে ।

অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী ‘ভাওনা’ত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অম্বাসুৰৰ ভাওনা । বিৰ্তক, ৰাজনীতিৰ সমান্তৰালভাৱে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাওনা, অসমীয়া কৃষ্টি সংস্কৃতি, নাটকৰ লগতে খেলপথাৰ আদি বিভিন্ন ক্ষেত্ৰতো পাৰদৰ্শিতা দেখুৱাই সমষ্টিবাসী মাজত হেৰুৱাই যোৱা জনপ্ৰিয়তা উদ্ধাৰ কৰা ক্ষেত্ৰত কোনো দিনেই কৃপণালি কৰাৰ নাই । ৰূপজ্যোতি কুৰ্মীয়ে বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰত অভিনয় কৰি হৈ সমষ্টিবাসীৰ আদৰ লাভ কৰি আহিছে ।

লগতে পঢ়ক : Bhaona performed: শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মাজুলীত শিশুৰ দ্বাৰা মঞ্চস্থ কেলিগোপাল নাট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.