Constituency Delimitation 2023: চাবুৱা লাহোৱাল সমষ্টি পুনৰ গঠনক লৈ সুখী বিধায়ক পোনাকণ বৰুৱা

By

Published : Aug 13, 2023, 8:53 AM IST

thumbnail

ডিব্ৰুগড়, 13 আগষ্ট : নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱা পাচতেই 117 নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণ কৰা হয় । দল-সংগঠনৰ লগতে লাহোৱালৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাচতো বিলুপ্তিকৰণ কৰা হ’ল ঐতিহাসিক লাহোৱাল সমষ্টি ।

1957 চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণ কৰি কিছুমান পঞ্চায়ত ডিব্ৰুগড়, মৰাণ আৰু অধিকাংশ চাবুৱা সমষ্টিৰ অন্তৰ্ভুক্ত কৰিলে । ইয়াৰ পাচতে চাবুৱা সমষ্টিক চাবুৱা লাহোৱাল সমষ্টি হিচাপে নামাকৰণ কৰিলে নিবাৰ্চন আয়োগে ।

নিবাৰ্চন আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাইছে চাবুৱাৰ বিধায়ক অৰ্থাৎ বৰ্তমানৰ চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই । বিধায়ক পোনাকণ বৰুৱাই কয়, ‘‘পূৰ্বে তিনিচুকীয়া জিলাৰ তিনিটা পঞ্চায়ত চাবুৱা সমষ্টিত আছিল, সেইকেইটা পঞ্চায়ত কৰ্তন কৰি মাকুম সমষ্টিৰ অন্তৰ্ভুক্ত কৰি দিছে ।

লগতে লাহোৱাল সমষ্টিৰ বহু পঞ্চায়ত চাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত আদৰণি জনাইছো । চাবুৱা লাহোৱাল সমষ্টি এতিয়া খিলঞ্জীয়াৰ সমষ্টি হিচাপে বিবেচিত হৈ উঠিছে । সকলো জাতি-জনগোষ্ঠীক একে লগতে লৈ কাম কৰা হ’ব’’ ৷

লগতে পঢ়ক : Constituency Delimitation 2023: কংগ্ৰেছ দলে পত্ৰ প্ৰেৰণ কৰাত বাহাল থাকিল বটদ্ৰৱাৰ নাম: গৌৰৱ গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.