দেৰগাঁৱৰ দুৰ্ঘটনাস্থলীত নিৰ্মাণ কৰা হ'ব এটা মন্দিৰ: ভবেন্দ্ৰনাথ ভৰালী

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 8:37 AM IST

thumbnail

মাজুলী,৬ জানুৱাৰী: শুকুৰবাৰে মাজুলীত উপস্থিত হয় দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালী । মাজুলীত উপস্থিত হৈ দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । দেৰগাঁৱত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ বাবে NHIDCL ৰ দোষ থকা বুলি উল্লেখ কৰে ভৰালীয়ে । বহুবাৰ NHIDCL ক অভিযোগ দিয়াৰ পাছতো নিজৰ মইমতালিৰে নিৰ্মাণকাৰী সংস্থাটোৱে কাম কৰা বুলি তেওঁ মত প্ৰকাশ কৰে ।

দেৰগাঁও চাৰিআলিত এখন অভাৰ ব্ৰীজ দিবৰ বাবে NHIDCL ক বহুবাৰ কৈ অহা হৈছে যদিও তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই ব্ৰীজখন বনোৱা প্ৰসংগৰ আঁতৰি থকা বুলি কয় দেৰগাঁৱৰ বিধায়কগৰাকীয়ে । ইফালে বাহনসমূহৰ গতি কমাবৰ বাবে বালিজানৰ দুৰ্ঘটনাস্থলীত এটি মন্দিৰ নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে ভবেন্দ্ৰনাথ ভৰালীয়ে । লগতে শীঘ্ৰে NHIDCL আৰু জিলা আয়ুক্ত লগত আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে বিধায়ক ভৰালীয়ে । 

লগতে পঢ়ক: সাংসদ আব্দুল খালেকৰ লক্ষ্য ধুবুৰী লোকসভা সমষ্টি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.