মিচিং ৰাইজৰ প্ৰতিবাদী কণ্ঠৰে উত্তপ্ত গড়মূৰ - প্ৰতিবাদী সমদল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-11-2023/640-480-20102441-thumbnail-16x9-majuli-news.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 24, 2023, 1:51 PM IST
মাজুলী, 24 নৱেম্বৰ : মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজ আৰু আৰু ছাত্ৰ সমাজৰ উদ্যোগত মাজুলীৰ জিলা সদৰ গড়মূৰত শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকলৰ পৰম্পৰাগত জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙৰ দিনটোত ৰাজ্যিক বন্ধৰ দাবী জনাই সকলোৱে কৰিছে এই প্ৰতিবাদ । মিচিং জনগোষ্ঠীৰ সচেতন সমাজ আৰু ছাত্ৰ সমাজে মাজুলীৰ জিলা সদৰ গড়মূৰৰ পৰা এই প্ৰতিবাদী সমদল উলিয়াই ।
ৰণোজ পেগু গ’ বেক, ভূৱন পেগু গ’ বেক, বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এইসকল প্ৰতিবাদকাৰীয়ে । এইসকল প্ৰতিবাদকাৰীয়ে কয় যে এইখন অসমত ষঠ পূজাত চৰকাৰী বন্ধ দিব পাৰে কিন্তু অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙত চৰকাৰী বন্ধ বাতিল কৰি চৰকাৰে মিচিং লোকসকলৰ সৈতে প্ৰতাৰণাহে কৰিব পাৰে । চৰকাৰে আলি আঃয়ে লৃগাঙৰ বাবে যি দহখন জিলাত চৰকাৰী বন্ধ ঘোষণা কৰিছে, সেই সিদ্ধান্তত মিচিং সমাজ কোনো কাৰণতে সন্তুষ্ট নহয় । যদি চৰকাৰে অতি সোনকালে আলি আঃয়ে লৃগাঙত চৰকাৰী বন্ধ ঘোষণা নকৰে আহি থকা দিনত আৰু তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক : আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত প্ৰতিবাদ