BDO Arrested in Hojai : উৎকোচ লৈ গ্ৰেপ্তাৰ খণ্ড উন্নয়ন বিষয়া, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 10:36 PM IST

thumbnail

হোজাই, 16 অক্টোবৰ : "বর্তমানলৈকে অসমৰ বিভিন্ন স্থানৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় 28 জন দুৰ্নীতিগ্ৰস্ত বিষয়াক জেললৈ নিক্ষেপ কৰা হৈছে বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷" এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ হোজাই জিলাৰ বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী শৰ্মাক দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত এইদৰে মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷  

তেওঁ কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে চৰকাৰী কাৰ্যালয় সমূহত যি ব্যৱস্থা কৰিছে, এফালে কাৰ্যালয়লৈ নোযোৱাকৈ অনলাইনৰ জড়িয়তে যাতে ৰাইজে নিজৰ প্ৰাপ্য লাভ কৰে আনফালে কোনো লোক চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ পাছত কোনোৱে যাতে টকা বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰে ৷ এই ব্যৱস্থাৰ জড়িয়তে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই শতাধিক দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুৰ্নীতিগ্ৰস্ত খণ্ড উন্নয়ন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী দাসে ৷  

উল্লেখ্য যে, এজন লোকৰ পৰা ১০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল বিন্নাকান্দিৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী শৰ্মাক ৷ 

লগতে পঢ়ক : CM vigilance raid: উৎকোচ লৈ গ্ৰেপ্তাৰ কামৰূপৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.