thumbnail

Manipur violence : অতীতৰ কাৰোবাৰ ভুলৰ ফল মণিপুৰৰ অশান্ত পৰিৱেশ; যোগেন মহন

By

Published : Jul 26, 2023, 12:09 PM IST

ডিব্ৰুগড়, 26 জুলাই : মণিপুৰৰ বিক্ষিপ্ত ঘটনাক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । মণিপুৰত সংঘটিত বৰ্বৰ, জঘন্য আৰু বিভৎস কাণ্ডই জোকাৰিছে বিশ্বক । মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পাচতেই মণিপুৰৰ কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ লোকে দলৱদ্ধ ধৰ্ষণ কৰি উলংগ মহিলাক লৈ সমদল কৰা দৃশ্য ৰাজহুৱা হোৱাৰ পাচতে এই ঘটনাই দেশ জোঁকাৰি গৈছে । 

মণিপুৰৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত মৰাণত সংবাদ মাধ্যমৰ আগত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে কয়, ‘‘এই ঘটনা উদ্দেশ্য প্ৰণোদিত ৷ অতীতৰ কাৰোবাৰ ভুলৰ বাবেই আজি মণিপুৰত অশান্ত পৰিবেশৰ সৃষ্টি হৈছে ৷ কাৰোবাৰ উচতনিত, কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবেই সাধাৰণ ৰাইজ বলি হ'ব লগা হৈছে ৷’’ পৰিস্থিতি গভীৰভাৱে অধ্যয়ন কৰি সকলোকে শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাই মন্ত্ৰীজনে ।

লগতে পঢ়ক : No confidence motion in Lok Sabha: চৰকাৰৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সিদ্ধান্ত বিৰোধীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.