thumbnail

By

Published : Jul 28, 2023, 3:34 PM IST

ETV Bharat / Videos

Minister Bimal Bora: শুকুৰবাৰে মাজুলীত উপস্থিত মন্ত্ৰী বিমল বৰা

মাজুলী,28 জুলাই: শুকুৰবাৰে মাজুলীত উপস্থিত হ’ল মন্ত্ৰী বিমল বৰা ৷ মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শিল্পালয় উদ্ধোধন কৰে ৷ ডি.এন.পি. লিমিটেডৰ সামাজিক দায়ৱদ্ধতা আচঁনিৰ সৌজন্যত নিৰ্মাণ হোৱা চামগুৰি সত্ৰৰ শিল্পালয় উদ্ধোধন কৰে মন্ত্ৰীজনে । 

চামগুৰি সত্ৰৰ নব নিৰ্মিত শিল্পালয় ভৱন উদ্ধোধন কৰি মন্ত্ৰী বৰাই কয়,‘ চামগুৰি সত্ৰৰ যি মুখাশিল্প এই মুখাশিল্প শিকিবৰ বাবে অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীসকল আহে । এই ছাত্ৰ-ছাত্ৰী সকল থাকিবৰ বাবে উপযুক্ত গৃহৰ অভাৱ আছিল যিটো কথা চামগুৰি সত্ৰৰ ফালৰ পৰা অৱগত কৰিছিল । চামগুৰি সত্ৰৰ ফালৰ পৰা অৱগত কৰা এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ডি.এন.পি. লিমিটেডৰ ফালৰ পৰা ৫০ লাখ টকাৰে এই ভৱনটি নিৰ্মাণ কৰে ।’

লগতে পঢ়ক:PMAY scheme: পকী ঘৰ এটা লাগে; নন্দৰ নামত অহা ঘৰটো তালিকাৰ পৰা নোহোৱা হ’ল হঠাৎ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.