Bareshaharia Bhauna at Jamugurihat: অন কেমেৰা ভাওনাৰ বচন আওৰালে মন্ত্ৰী অতুল বৰাই - Atul Bora visited in Bareshaharia Bhauna
🎬 Watch Now: Feature Video
চতিয়া, 9 মাৰ্চ: দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে জামুগুৰিহাটৰ পকামুৰা পথাৰ ৷ তৃতীয় দিনা অৰ্থাৎ 8 মাৰ্চৰ পুৱাৰে পৰাই ভক্তৰে উদুলি মুদুলি হৈ পৰে বাৰেচহৰীয়া ভাওনাৰথলী (Bareshaharia Bhauna at Jamugurihat) ৷ সহস্ৰাধিক আই-মাতৃৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ভাওনাক্ষেত্ৰ (Minister Atul Bora visited in Bareshaharia Bhauna) ৷ পদ্মপুষ্প সদৃশ 21 খন খলাত সমবেত আই-মাতৃ সকলে জাউৰীয়ে জাউৰীয়ে হৰিনাম জুৰি হৰিনাম ভক্তিৰে মুখৰিত কৰি তোলে ৷
তৃতীয় দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু কেন্দ্ৰীয় মানৱ সম্পদ বিকাশৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান (Union Minister Dharmendra Pradhan) ভাওনাথলী পৰিদৰ্শন হৈ পৰিছিল ৷ ইয়াৰ পিচতে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা, বিশিষ্ট লেখিকা ড৹ স্বাধীনতা মহন্ত, বিশিষ্ট চিকিৎসক ডাঃ সৰ্বেশ্বৰ চহৰীয়াই আই-মাতৃ সকলৰ লগত নামত অংশগ্ৰহণ কৰে ৷ ভাওনাথলীত চলি থকা ভাওনা চাই অভিভূত হৈ পৰে মন্ত্ৰী অতুল বৰা ৷ মন্ত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখত ভাওনাৰ বচন আওৰাই নষ্টালজিক হৈ পৰে ৷
লগতে পঢ়ক: Baresaharia Bhauna 2023: বাৰেচহৰীয়া ভাওনাৰ থলীলৈ ২ কোটি আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ