বুঢ়ীদিহিং চাপৰিত কৃষকৰ সৈতে কোমল চাউল, জহা চাউলৰ ভাত, ৰবাবটেঙাৰ জুতি ল’লে মন্ত্ৰী অশোক সিংহলে
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 1 ডিচেম্বৰ : 1 ডিচেম্বৰ অৰ্থাৎ আজি তিনিচুকীয়াত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । ইতিমধ্যে কেবিনেট বৈঠকৰ বাবে উজনিৰ কেইবাখনো জিলাত বাহৰ পাতিছে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কলৌলোৱাত বৃহস্পতিবাৰৰ আবেলি উপস্থিত হয় জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল ।
মন্ত্ৰী বিমল বড়াসহ কেইবাজনো বিধায়ক আৰু চৰকাৰী বিষয়াৰ সৈতে মন্ত্ৰীজনে প্ৰথমে কলৌলোৱা অঞ্চলত মৃতপ্ৰায় অৱস্থাত থকা দুটাকৈ বৃহৎ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে । ইয়াৰ পিচতে মন্ত্ৰীজনে টিংখাং সমষ্টিৰ "দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড"ৰ উদ্যোগত সমষ্টিটোৰ তিনিটা স্থানত Pepsico Holdings Pvt. Ldt. ৰ সহযোগত কৃষকসকলে কৰা আলু খেতি পৰিদৰ্শন কৰে । মন্ত্ৰীজনে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰি কৃষক সমস্যাসমূহৰো বুজ লয় ।
কলৌলোৱা সোণোৱাল গাঁৱৰ কৃষকসকলৰ সৈতে মন্ত্ৰীজনে কোমল চাউল, জহা চাউলৰ ভাত আৰু ৰবাবটেঙাৰ জুতি লোৱাও পৰিলক্ষিত হয় ।ইয়াৰোপৰি, মন্ত্ৰী বিমল বড়া, মন্ত্ৰী তেৰছ গোৱালা, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক তৰংগ গগৈ, প্ৰাক্তন বিধায়ক ৰিতুপৰ্ণ বৰুৱা আৰু বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াসকলেও ৰবাব টেঙা, কোমল চাউল গ্ৰহণ কৰে ।
লগতে পঢ়ক: 1 ডিচেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক