হাগ্ৰামাক বিজেপিয়ে শত্ৰু বা মিত্ৰ এটাও গণ্য নকৰে : অশোক সিংহল
🎬 Watch Now: Feature Video
Published : Nov 25, 2023, 3:54 PM IST
তেজপুৰ, 25 নৱেম্বৰ : "হাগ্ৰামা মহিলাৰীক বিজেপিয়ে শত্ৰু হিচাবেও নলয় আৰু মিত্ৰ হিচাবেও নলয় ৷ হাগ্ৰামা সদায় বিৰোধী হৈ থাকিব ৷" এই মন্তব্য অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু গৃহ পৰিকল্পনা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ ৷ শনিবাৰে তেজপুৰত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজনীতিত কোনো শত্ৰু নাথাকে; ৰাজনীতিত বিৰোধীহে থাকে ৷
শনিবাৰে তেজপুৰত শোণিতপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত 18 সংখ্যক ভূমি হস্তান্তৰৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ভূমিহীন লোকসকলক চৰকাৰ প্ৰচেষ্টাত ভূমি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ জৰিয়তে ভূমিহীন আৰু ভূমিপুত্ৰ সকলক মাটি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় মন্ত্ৰী সিংহলে ৷
লগতে পঢ়ক : এ আই ইউ ডি এফৰ সমৰ্থনতহে সাংসদ হৈছিল গৌৰৱ গগৈ-প্ৰদ্যুৎ বৰদলৈ : আমিনুল ইছলাম