Diha Naam practices in Jorhat Titabor : দিহানামেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস; সাজু ৬০ হাজাৰ নামতি - বিশ্ব অভিলেখৰ বাবে আগবাঢ়িছে অসমৰ দিহানাম
🎬 Watch Now: Feature Video
Published : Nov 10, 2023, 11:20 AM IST
তিতাবৰ, ১০ নৱেম্বৰ : এইবাৰ বিশ্ব অভিলেখৰ বাবে আগবাঢ়িছে অসমৰ দিহানাম । সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত বিশ্ব অভিলেখৰ বাবে অনুষ্ঠিত হ'ব এই দিহানাম । অহা ডিচেম্বৰ মাহৰ ১৭ তাৰিখে কামৰূপ জিলাৰ পলাশবাৰীৰ শিলপোটা সত্ৰৰ বাকৰিত এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব ।
বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াসেৰে আয়োজন কৰা এই দিহানামত অসমৰ প্ৰতিখন জিলাৰ ৬০ হাজাৰ নামতিয়ে অংশগ্ৰহণ কৰিব । অসমৰ ১২ হাজাৰ নামতি দলৰ ৬০ হাজাৰ নামতিয়ে এই দিহানামত একে লয় আৰু একে সুৰত নাম পৰিৱেশনৰ বাবে আৰম্ভ হৈছে প্ৰশিক্ষণৰ । অসমৰ ৬৫ গৰাকী মাষ্টাৰ ট্ৰেইনাৰ নামতিৰ জৰিয়তে চলি আছে এই নামৰ প্ৰশিক্ষণ ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এদিনীয়াকৈ তিতাবৰ ন আলিস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা নামঘৰত অনুষ্ঠিত হয় এক দিনজোৰা প্ৰশিক্ষণ শিবিৰ । জিলাখনৰ প্ৰায় চাৰি সহস্ৰাধিক নামতিয়ে অংশগ্ৰহণ কৰা এই দিহানামৰ প্ৰশিক্ষণ দিয়ে গোলাঘাটৰ মাষ্টাৰ ট্ৰেইনাৰ নামতি সোণমাই গগৈ আৰু সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ যোৰহাট জিলাৰ সভানেত্ৰী গুণিতা শইকীয়া, সম্পাদিকা বন্দনা গগৈয়ে ।
অনুষ্ঠানত সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ বহুকেইগৰাকী বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : Rabi crop seeds distribution : শোণিতপুৰ জিলা কৃষি বিভাগৰ দ্বাৰা ৰবি শস্যৰ বীজ বিতৰণ অনুষ্ঠান