thumbnail

Constituency delimitation: চতিয়াত অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ সভা

By

Published : Jul 2, 2023, 1:40 PM IST

চতিয়া,২ জুলাই: জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰেক্ষাগৃহত শনিবাৰে বিয়লি অনুষ্ঠিত হয় অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ এখনি সভা ৷ সতীৰ্থ মঞ্চৰ সভাপতি পূৰ্ণ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগে যি খচৰা প্ৰকাশ কৰিছে তাক লৈ সৰৱ হৈ পৰা দেখা যায় ৷ এই ক্ষেত্ৰত চতিয়া সমষ্টিৰ পূৰ্বৰ বহু পুৰণা অংশ বিলুপ্তি ঘটাই ন ন অংশ সংযোজন কৰাত হচকিত হৈ পৰে অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ সদস্যসকল ৷  

প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি চতিয়া সমষ্টিৰ ভৌগোলিক সীমা পূৰ্বৰ দৰে বাহাল ৰখা, নতুনকৈ সংযোজন কৰা সংখ্যালঘু অঞ্চল কৰ্তন কৰা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ বাসগৃহ চতিয়া সমষ্টিত সংযোজন কৰাকে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰি সেইসমূহ নিৰ্বাচনী আয়োগ, মুখ্যমন্ত্ৰী আৰু শোণিতপুৰ জিলা উপায়ুক্তক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ 

লগতে পঢ়ক: Tree plantation at Dhemaji DIET : সেউজ পৃথিৱীৰ বাবে একাংশ বিদায়ী শিক্ষাৰ্থীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.