thumbnail

By

Published : Nov 1, 2022, 7:24 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

Majuli artist initiative: ৰং-তুলিকাৰে মাজুলীক সজাই তোলাৰ প্ৰয়াস মৌচুমীৰ

মাজুলীক ৰং-তুলিকাৰে সজাই তোলাৰ সপোন দেখিছে চিত্ৰশিল্পী মৌচুমী ভৰালীয়ে । সেই সপোন পূৰণৰ বাবে মৌচুমীয়ে লৈছে বিশেষ পদক্ষেপ । ৰং-তুলিকা হাতত লৈ বিভিন্ন স্থানত চিত্ৰ অংকন কৰা আৰম্ভ কৰিছে মৌচুমীয়ে (Mausumi tries to beautify Majuli with drawings)। চিত্ৰ অংকনৰ জৰিয়তে মৌচুমীয়ে নিজৰ পৰিৱেশটো সুস্থ আৰু সুন্দৰ কৰি তোলাৰ চেষ্টা কৰিছে । বিভিন্ন ছবি অংকনৰ জৰিয়তে গুৱাহাটীৰ উৰণীয়া সেতু আকৰ্ষণীয় কৰি তোলা দৃশ্যবোৰ দেখি আপ্লুত হৈছিল মৌচুমী । চিত্ৰশিল্পীৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে যুৱতীগৰাকীয়ে চিত্ৰ অংকন কৰিবলৈ আৰম্ভ কৰিছে । ইতিমধ্যে জিৰণিচ'ৰাত ছবি অংকন কৰিছে মৌচুমীয়ে (Majuli artist drawing in various place)। চিত্ৰৰ জৰিয়তে মাজুলীৰ মুখা শিল্পকো উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে চিত্ৰশিল্পী মৌচুমীয়ে । মৌচুমীয়ে আহ্বান জনাইছে যাতে কোনেও য'তে ত'তে তামোলৰ পিক নেপেলাই বা থু খেকাৰ নেপেলাই আৰু পৰিৱেশ লেতেৰা নকৰে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.