ETV Bharat / state

কি বুলি মাতিব ? ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ নেতা, সাংবাদিক নে ডকাইত ? - Robbery in Guwahati

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Robber arrested: মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত চাৰি ডকাইত । পিচে চাৰি ডকাইতক লৈ আৰম্ভ হৈছে চৰ্চা । কিয়নো এই চাৰিজনক ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ নেতা, সাংবাদিক নে ডকাইত বুলি ক'ব ।

Garchuk police arrest four on charges of robbery in Guwahati
মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত চাৰি ডকাইত (ETV Bharat Assam)

গুৱাহাটী,২৮ ছেপ্টেম্বৰ: আপুনি হয়তো বহু সময়ত বহু ডকাইতক গ্ৰেপ্তাৰ কৰা বাতৰি শুনিছে বা পঢ়িছে । কিন্তু এইবাৰ এনে কেইজনমান ডকাইত মহানগৰীৰ এখন আৰক্ষী চকীত আলহী হৈছে, যাক আপুনি কি উপমা দিব ভাবিবলৈ বাধ্য হ'ব । কোনোজন যদি ৰাজনৈতিক নেতা, আন কোনোজন আকৌ জাতীয় সংগঠনৰ নেতা, এজন আকৌ নামধাৰী সাংবাদিক । এতিয়া এওঁলোকক ডকাইত বুলি ক'ব নে আন কিবা বুলিব ।

ঘটনাটো এনেধৰণৰ, মহানগৰীৰ গড়চুক আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আটক কৰে চাৰিটা ডকাইতক । তেওঁলোকৰ নাম ক্ৰমে কাৰ্তিক কলিতা, প্ৰসন্ন কলিতা, দুলাল দত্ত, মনোঞ্জয় বৰুৱা । ইয়াৰে কাৰ্তিক কলিতা আম আদমি পাৰ্টিৰ নেতা, প্ৰসন্ন কলিতা তথাকথিক সাংবাদিক, দুলাল দত্ত লাচিত সেনাৰ সদস্য ।

এওলোক চাৰিজনে মিলি দুদিন পূৰ্বে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড । গড়চুকৰ সমীপৱৰ্তী দেওচোতালৰ এটা ডেম্পৰ গৰাকীৰ বুকুত পিষ্টল থৈ লুটি নিছিল নগদ ধন । অভিযোগ অনুসৰি ডকাইতি কৰাৰ দিনা আগবেলা লাচিত সেনাৰ নামত চান্দা উঠাবলৈ ডেম্পটোলৈ গৈছিল দুলাল দত্ত । ৫০০ টকা চান্দা লৈ উভতি আহিছিল দুলাল ।

কিন্তু বলপূৰ্বক চান্দা উঠাবলৈ যাওঁতেই ডেম্পটোৰ গৰাকীৰ হাতত দুলালে দেখিছিল বহু পৰিমাণৰ নগদ ধন । পিছত নিশালৈ পৰিকল্পনা কৰি ভুৱা সাংবাদিক প্ৰসন্নৰ স্কৰপিঅ’ বাহনত গৈ ডেম্পটোত কৰিছিল ডকাইতি । কিন্তু ধন লুটাৰ সময়তে পিষ্টলৰ পৰা সজীৱ গুলীৰ সৈতে পৰি ৰৈছিল এটা মেগজিন । পিছত ভুক্তভোগীয়ে সেই মেগজিনটোসহ গড়চুক আৰক্ষীক দিছিল এজাহাৰ ।

মেগজিনটোৰ আধাৰতে গড়চুক আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত । আৰক্ষীয়ে চিচি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি নিশ্চিত হয় AS01FM2177 নম্বৰৰ স্ক’ৰপিঅ’ বাহনত আহিছিল চাৰিজনীয়া ডকাইতৰ দল । পিছত শুকুৰবাৰে নিশা প্ৰথমে চাংসাৰিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুলাল দত্তক । ধৃত দুলালৰ স্বীকাৰোক্তিৰ ভিত্তিত লালমাটিৰ পৰা কাৰ্তিক কলিতা, মালিগাঁৱৰ পৰা প্ৰসন্ন কলিতাক গ্ৰেপ্তাৰ কৰে ।

লগতে প্ৰসন্ন কলিতাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ডকাইতিকাণ্ডত ব্যৱহৃত স্কৰপিঅ’ বাহন আৰু এখন স্কুটী । ইফালে আৰক্ষীয়ে প্ৰসন্ন কলিতাৰ স্কৰপিঅ’ বাহনখনত তালাচী চলাওঁতে উদ্ধাৰ কৰে দুটা ইটালীত নিৰ্মিত 7.65 পিষ্টল । ইয়াৰে এটা পিষ্টলত নাছিল মেগজিন । ইফালে শনিবাৰে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতিকাণ্ডত জড়িত চতুৰ্থটো অভিযুক্ত মনোঞ্জয় বৰুৱাক । বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: পিষ্টলসহ গ্ৰেপ্তাৰ পাণবজাৰত সংঘটিত ডকাইতিত জড়িত যুৱক - Robbery in Guwahati

এইবাৰ পিষ্টলধাৰী দুৰ্বৃত্তৰ লক্ষ্য ই-ৰিক্সা চালক, গুৱাহাটীত পুৱাই চাঞ্চল্য - Robbery in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.