প্ৰতিশ্ৰুতি দি পাহৰিলে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে - Orang National Park - ORANG NATIONAL PARK
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-09-2024/640-480-22559392-thumbnail-16x9-sipajhar-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 28, 2024, 4:14 PM IST
মঙলদৈ,২৮ ছেপ্টেম্বৰ: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কতৰ্ব্যৰত অৱস্থাত বাঘৰ আক্ৰমণত নিহত ধনমণি ডেকাৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হ'ল । এমাহ পূৰ্বে বিধানসভাৰ অধিৱেশন চলি থকা বাবে আৰু অন্য কিছু ব্যস্ততাৰ বাবে আহিব পৰি নাছিল বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । অধিৱেশন শেষ হ'লেই ধনমণি ডেকাৰ ঘৰলৈ আহিব বুলি বিধানসভাতে উল্লেখ কৰিছিল বন মন্ত্ৰী পাটোৱাৰীয়ে । কিন্তু আজি পৰ্যন্ত এবাৰ খবৰ ল'বলৈ আহৰি নহ'ল বন মন্ত্ৰীগৰাকীৰ ।
যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভ প্ৰকাশ কৰিছে নিহত বনকৰ্মীগৰাকীৰ পৰিয়ালৰ লোকে । আজিও ছিপাঝাৰৰ নগাঁও হাটীমাৰাৰ ধনমণি ডেকাৰ পৰিয়ালটোৰ মাজত কান্দোনৰ ৰোল । কান্দোনত ভাগি পৰিছে নৱ-বিৱাহিত পত্নী, পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক । ওচৰ-চুবুৰীয়াই মন্ত্রী পাটোৱাৰীক ঘৰখনলৈ আহি ৭ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা প্ৰয়াত ধনমণি ডেকাৰ পত্নীক এটি সংস্থাপন দিবৰ বাবে দাবী উত্থাপন কৰে ।