thumbnail

By ETV Bharat Assamese Team

Published : 3 hours ago

ETV Bharat / Videos

পবা সংৰক্ষিত বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ আহ্বান প্ৰকৃতিপ্ৰেমীৰ - World Tourism Day 2024

জোনাই,২৭ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলখন বিভিন্ন প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ । চিয়াং লালী নদীৰ কাষত অৱস্থিত পবা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতী, বন ঘৰচীয়া ঘোঁৰা, হৰিণ আদি বিভিন্ন জীৱ-জন্তুৰ বিচৰণৰ লগতে বিভিন্ন সময়ত পৰিভ্ৰমী চৰায়ে প্ৰাকৃতিক পৰিৱেশ সুন্দৰ কৰি তোলে । ইয়াৰ উপৰিও বৰ্ষাৰণ্যৰ ভিতৰত থকা বিভিন্ন নলা-খালসমূহত বিভিন্ন প্ৰজাতিৰ জলচৰ প্ৰাণী আদি উপলব্ধ হয় ।  

আনহাতে পবা সংৰক্ষিত বনাঞ্চলখন বিভিন্ন থলুৱা গছ-বনেৰে আবৃত্ত । তাত থকা থলুৱা গছ বনবোৰৰ বিভিন্ন ঔষধী গুণ থকাৰ বাবে পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণ লাভ কৰিব । আনহাতে পবা সংৰক্ষিত বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলত মিচিং জনগোষ্ঠীৰ লোকসকলে চাংঘৰ সাজি বসবাস কৰে । বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলত চাংঘৰ সাজি বসবাস কৰা মিচিংসকলৰ চাংঘৰবোৰো পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব । বিশ্ব পৰ্যটন দিৱসৰ দিনা পৰ্যটন বিভাগক পবা সংৰক্ষিত বনাঞ্চলখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ আহ্বান প্ৰকৃতিপ্ৰেমীৰ ।

লগতে পঢ়ক: ৰঙে-ৰূপে ভৰপুৰ মাজুলীয়ে আহিনত হাতবাউলি মাতে পৰ্যটকক - World Tourism Day 2024

মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ এখনৰ পয়ালগা ছবি - World Tourism Day 2024

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ বাবে তৎপৰতা আৰম্ভ জিলা প্ৰশাসনৰ - Demarcation of Charaideo Maidam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.