ETV Bharat / entertainment

Coldplay ৰ মুম্বাই কনচাৰ্টৰ টিকট ব্লেকত বিক্ৰীৰ অভিযোগ ! টিকেট বুকিং বেৱছাইটৰ শীৰ্ষ বিষয়াক আৰক্ষীৰ চমন - COLDPLAY TICKET BOOKMYSHOW CEO - COLDPLAY TICKET BOOKMYSHOW CEO

Coldplay Mumbai Concert: মুম্বাইত ব্ৰিটিছ ৰক বেণ্ড ক’ল্ডপ্লেৰ কনচাৰ্টৰ টিকট ব্লেক মাৰ্কেটিঙৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই মুম্বাই আৰক্ষীৰ ইকনমিক অফেন্স উইঙে বুকমাইশ্ব’ৰ মুখ্য কাৰ্যবাহী বিষয়া আশীষ হেমৰাজনী আৰু ইয়াৰ কাৰিকৰী মুৰব্বীক তলব কৰিছে । চলি থকা তদন্তৰ অংশ হিচাপে তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰা হ’ব ।

coldplay ticket rush bookmyshow ceo technical head summon by mumbai cops ticket black marketing
ক’ল্ডপ্লেৰ কনচাৰ্ট (Representational Image (ANI))
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 10:56 AM IST

Updated : Sep 28, 2024, 11:37 AM IST

চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ : বিশ্ব বিখ্যাত ব্ৰিটিছ ৰক বেণ্ড ক’ল্ডপ্লেৰ অনুষ্ঠানৰ বাবে টিকটৰ ক’লা বজাৰ মুকলি কৰাৰ অভিযোগ ৷ এই সন্দৰ্ভত মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই (ইঅ’ডব্লিউ) সন্দৰ্ভত বুকমাইশ্ব'ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক আশীষ হেমৰাজনী আৰু কোম্পানীৰ কাৰিকৰী মুৰব্বীক মাতি পঠিয়ায়, এজন বিষয়াই শুকুৰবাৰে এই কথা জানিবলৈ দিয়ে ।

টিকট প্লেটফৰ্মৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

“সেই অনুসৰি, বুকমাইশ্ব’ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক আশীষ হেমৰাজনীৰ লগতে কোম্পানীৰ কাৰিকৰী মুৰব্বীক মাতি পঠোৱা হৈছে । তেওঁলোকৰ বিবৃতি শনিবাৰে ৰেকৰ্ড কৰা হ’ব । এটা প্ৰাথমিক অনুসন্ধান আৰম্ভ হৈছে,” বিষয়াজনে কয় ।

ঘটনাক্ৰমে, ক’ল্ডপ্লেই মুম্বাইত অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি “মিউজিক অফ দ্য স্ফেয়াৰছ ৱৰ্ল্ড ট্যুৰ 2025” ৰ মুম্বাইত তৃতীয়টো শ্ব’ সংযোজন কৰিছিল । বেণ্ডটোৱে অহা বছৰৰ 18, 19 আৰু 21 জানুৱাৰীত নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত তিনিটা অনুষ্ঠান অনুষ্ঠিত কৰিব ।

ক’ল্ডপ্লে হৈছে ১৯৯৭ চনত লণ্ডনত গঠন হোৱা এটা ব্ৰিটিছ ৰক বেণ্ড। বেণ্ডৰ সদস্যসকল হৈছে কণ্ঠশিল্পী আৰু পিয়ানোবাদক ক্ৰিছ মাৰ্টিন, গিটাৰবাদক জনি বাকলেণ্ড, বেচিষ্ট গাই বেৰীমেন, ড্ৰামাৰ-পাৰকাচনিষ্ট উইল চেম্পিয়ন ৷

উল্লেখ্য যে ক’ল্ডপ্লে সমগ্ৰ বিশ্বতেই নিজৰ ৰক সংগীতৰ বাবে এক জনপ্ৰিয় বেণ্ড ৷ বেণ্ডটোৰ জনপ্ৰিয়তা ভাৰততো সমানেই দেখা যায় ৷ বিশেষকৈ 'Fix You', 'Yellow', 'Paradise', 'A Sky Full of Stars', 'Viva la Vida' ৰ দৰে গীতসমূহ যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় ৷

লগতে পঢ়ক : অ’জি মঞ্জুলিকা-ৰুহ বাবাৰ মাজৰ যুদ্ধই দৰ্শকক দিব ভৌতিকতাৰ অনন্য সোৱাদ - Bhool Bhulaiyaa 3 teaser

Last Updated : Sep 28, 2024, 11:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.