ETV Bharat / politics

প্ৰদেশ কংগ্ৰেছৰ সদৰত বিজেপিৰ ব্যাপক প্ৰতিবাদ : ৰাহুল গান্ধী-প্রিয়াংক খার্গেৰ পুত্তলিকা দাহ - Priyank Kharge - PRIYANK KHARGE

Priyank Kharge on Assam Semiconductor project : কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ পুত্ৰই অসমবিৰোধী মন্তব্য কৰা বুলি অভিযোগ বিজেপিৰ ৷ কংগ্ৰেছ নেতাৰ অসমবিৰোধী মন্তব্যৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক স্থিতি স্পষ্ট কৰাৰ দাবী বিজেপি যুৱ মৰ্চাৰ ৷ বিজেপিৰ প্ৰতিবাদৰ প্ৰত্যুত্তৰত ৰাজীৱ ভৱনৰ সন্মুখৰ পৰাই প্ৰতিবাদ কংগ্ৰেছৰ কৰ্মকৰ্তাৰ ৷

Priyank Kharge on Assam Semiconductor project
প্ৰদেশ কংগ্ৰেছৰ সদৰত বিজেপিৰ ব্যাপক প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 10:21 PM IST

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : কংগ্ৰেছ নেতাই অসমবিৰোধী মন্তব্য দিয়াৰ অভিযোগ তুলি শনিবাৰে বিজেপি যুৱ মৰ্চাই প্ৰদেশ কংগ্ৰেছৰ সদৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চাই গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে সামাজিক মাধ্যমত অসমৰ জাগীৰোডত স্থাপিত হোৱা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতাৰে অসম আৰু অসমীয়াক ভেঙুচালি কৰি টুইট কৰিছিল মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেই ৷ খোদ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰই এইদৰে অসমৰ বিৰোধিতা কৰা কংগ্ৰেছ যে পূৰ্বৰ পৰাই অসমবিৰোধী আছিল সেয়া প্ৰতিপন্ন কৰিলে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে ৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ ভালেসংখ্যক কাৰ্যকৰ্তাই হাতে হাতে প্লে-কাৰ্ড লৈ কংগ্ৰেছবিৰোধী শ্ল’গানেৰে গুৱাহাটীৰ জি এছ ৰোড উত্তাল কৰি তোলে ৷

প্ৰদেশ কংগ্ৰেছৰ সদৰত বিজেপিৰ ব্যাপক প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদকাৰীসকলে ভঙাগড় উৰণ সেতুৰ পৰা সমদল কৰি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ সমীপলৈ আহে ৷ আৰক্ষীৰ বাধা আঁতৰাই প্ৰতিবাদকাৰীসকলে ৰাজীৱ ভৱন অভিমুখে আগুৱাই যাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে ৰাজীৱ ভৱনৰ সন্মুখলৈ অহাত বাধা প্ৰদান কৰে ৷ ৰাজীৱ ভৱনৰ সমীপতে অৱস্থান কৰি প্ৰতিবাদকাৰীসকলে কংগ্ৰেছবিৰোধী বিভিন্ন শ্ল’গানেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধী আৰু প্ৰিয়াংক খাৰ্গেৰ পুত্তলিকা দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে অংশগ্ৰহণ কৰে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছ দলটোৱে অতীজৰ পৰাই অসম তথা খিলঞ্জীয়া-অসমীয়াৰ বিৰোধী স্থিতি লৈ আহিছে ৷ কংগ্ৰেছৰ শাসনকালত অসমত উন্নয়নৰ পৰিৱৰ্তে অৰাজকতা আৰু গোষ্ঠী সংঘৰ্ষই গা কৰি উঠিছিল ৷ ৰাইজৰ ধন উদৰস্ত কৰাতেই শাসন সমাপ্ত কৰা কংগ্ৰেছ দলটোৱে বিজেপি শাসনকালৰ অসমৰ অভূতপূৰ্ব উন্নয়নৰ বিৰোধিতা কৰাটোৱেই স্বাভাৱিক ৷ ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ সময়ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিতৰ্কমূলক মন্তব্য প্ৰদান কৰিছিল ৷ অসম আৰু অসমীয়াৰ বিৰোধিতা কৰাটো কংগ্ৰেছৰ নীতি ৷’’

প্ৰতিবাদকাৰীসকলে সাংসদ গৌৰৱ গগৈকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ইফালে বিজেপিৰ প্ৰতিবাদৰ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলেও ৰাজীৱ ভৱনৰ সন্মুখত সমৱেত হৈ বিজেপিবিৰোধী শ্ল'গান দি প্ৰতিবাদ কৰে ৷ এককথাত প্ৰতিবাদ কৰি বিজেপিৰ প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিয়ে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ৷ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে বিজেপি গ’ বেক ধ্বনি দি স্মাৰ্ট মিটাৰ, কৃত্ৰিম বানপানী আদি বিভিন্ন বিষয় উত্থাপন কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক : অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয় ? কংগ্ৰেছ অধ্য়ক্ষৰ পুত্ৰৰ মন্তব্যক সমালোচনা মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰীৰ

অসম বিৰোধী মন্তব্য়: কৰ্ণাটকৰ কংগ্রেছী মন্ত্রীক ক্ষমা খোজাৰ দাবী জনাই পুত্তলিকা দাহ

অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয় ? কংগ্ৰেছ অধ্য়ক্ষৰ পুত্ৰৰ মন্তব্যক সমালোচনা মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.