thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 11:15 AM IST

ETV Bharat / Videos

পৰিবৰ্তনৰ নামত ইউপিপিএল চৰকাৰে লুট-পাট চলোৱাৰ অভিযোগ আছাৰ

ওদালগুৰি, ২০ নৱেম্বৰ: ওদালগুৰিৰ আটাৰীখাটত দেওবাৰে জনজাতিকৰণ, ভূমিপট্টা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰিৰ দাবীত এক বিশাল গণ সমাবেশৰ আয়োজন কৰা হয় ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) ওদালগুৰি জিলা আৰু বাক্সা জিলা সমিতিয়ে সমূহ আদিবাসী সমাজ, সাহিত্য সভা আৰু আঞ্চলিক সমিতিৰ সহযোগত এই গণ সমাবেশৰ আয়োজন কৰে ৷ গণ সমাবেশত হেজাৰ-হেজাৰ আদিবাসী লোকে অংশগ্ৰহণ কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে চৰকাৰে আদিবাসীসকলক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে ৷ ইউপিপিএল চৰকাৰ তথা প্ৰমোদ বড়োৱে পৰিবৰ্তন অনাৰ কথা কৈছিল যদিও আজি পৰ্যন্ত কোনো পৰিবৰ্তন হোৱা নাই বুলি মন্তব্য কৰে ৷ তেওঁ পৰিবৰ্তনৰ নামত কেৱল লুট-পাট চলাৰ অভিযোগ কৰে ৷ এটা জাতিক লুট-পাট কৰি কি উন্নয়ন কৰিব বুলি ওলোটাই প্ৰশ্ন উত্থাপন কৰে আছাৰ সভাপতি প্ৰদীপ নাগে ৷

লগতে পঢ়ক: টীয়কত চিপিআই এম এলৰ জনজাগৰণ সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.