Married woman commits suicide in Jorhat: ভৰা ভোগদৈত জাঁপ দিলে বোৱাৰীয়ে - ভৰুণ ভোগদৈত জাঁপ দিলে বোৱাৰীয়ে
🎬 Watch Now: Feature Video

যোৰহাট,৯ আগষ্ট: যোৰহাটত চাঞ্চল্যকৰ ঘটনা । পাৰিবাৰিক কন্দলৰ পৰিণতিতেই ভোগদৈত জাঁপ দিলে এগৰাকী ২২ বছৰীয়া বিবাহিতা মহিলাই । যোৰহাট সদৰ থানা অন্তৰ্গত সবাইবন্ধা ডিমৰীয়াগুৰিত মঙলবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত এই অঘটন ।
ঘটনা বিৱৰণি অনুসৰি সবাইবন্ধা ডিমৰীয়াগুৰিত জিন্টু বৰদলৈ পত্নী অংকিতা বৰদলৈয়ে কাষতে থকা ভোগদৈ নৈত জাঁপ দিয়ে । তাৰ পিছত পৰিয়াল লগতে অঞ্চলজুৰি সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ । লগে লগে পৰিয়াল তথা অঞ্চলবাসীয়ে তৎক্ষণাত খবৰ দিয়ে আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনী ।
তৎক্ষণাত ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হয় যদিও গভীৰ নিশা বাবে এই অভিযান স্থগিত ৰাখিব লগা হয় । ইফালে বুধবাৰে পুৱাৰে পৰা SDRF য়ে পুনৰ আৰম্ভ কৰে যদিও এতিয়ালৈকে ভোগদৈত জাপ দিয়া বিবাহিতা মহিলা অংকিতা বৰদলৈক এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
মঙলবাৰে নিশা প্ৰায় ১০ বজাত ঘৰৰ পৰা ওলাই আহি সন্ধানহীন হৈছিল মহিলাগৰাকী । মহিলাগৰাকীৰ চেণ্ডেলযোৰ ভোগদৈ নৈ পাৰত উদ্ধাৰ হোৱা বাবেই মহিলাগৰাকীয়ে ভোগদৈত জাপ দিয়া সন্দেহ কৰা হৈছে । ভাই বোৱাৰীৰ সৈতে হোৱা সামান্য কাজিয়াৰ বাবে এই চৰম পন্থা গ্ৰহণ কৰে বুলি স্বামী পংকজ বৰদলৈয়ে জানিবলৈ দিয়ে ।