Holy Bhada month : এজাক উত্তৰ পুৰুষৰ দিহানামৰ ধ্বনিৰে জীপাল আউনীআটী সত্ৰৰ নামঘৰ - গুৰুৰ চৰণত দিহানাম পৰিৱেশনত ব্যস্ত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 2:15 PM IST

টীয়ক, 25 আগষ্ট : যি সময়ত জাত-পাতৰ ৰাজনীতিৰ মেৰপাকে শংকৰ-আজানৰ দেশত বিভিন্ন সময়ত অত্যাচাৰ, ব্যভিচাৰ সৃষ্টি কৰিছে, তেনে সময়তে অসমৰ দিহানাম জগতৰ অদ্বিতীয় চহা শিল্পী কমলা গগৈয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ আধ্যাত্মিক শিক্ষাৰে পৰিপুষ্টি কৰি ৰাজ্যৰ এজাক উত্তৰ প্ৰজন্মৰ কিশোৰক লৈ দিহানামৰ প্ৰশিক্ষণ প্ৰদান কৰি ইতিমধ্য বিশেষ চৰ্চা লাভ কৰিছে শিল্পী কমলা গগৈ ।

টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰত ভাদমহীয়া নামৰ লগত সংগতি ৰাখি দিহা সম্ৰাট কমলা গগৈৰ তত্বাৱধানত একাংশ প্ৰশিক্ষাৰ্থীয়ে গুৰুৰ চৰণত দিহানাম পৰিৱেশনত ব্যস্ত হৈ পৰিছে । বিশেষকৈ কমলা গগৈৰ তত্বাৱধানত পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ভাদ মাহত কৰিছে ঈশ্বৰৰ বন্দনা ৷

জানিব পৰা মতে, এই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আছে হিন্দু, মুছলমান, চাহ জনগোষ্ঠীয় তথা বিহাৰী সম্প্ৰদায়ৰ কেইবাজনো প্ৰশিক্ষাৰ্থী ৷ যিয়ে মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতিক আঁকোৱালি লৈ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিৰ পৰিচয় দাঙি ধৰিছে । মহাপুৰুষীয়া আদৰ্শ শাৰোগত কৰি অসমৰ বিভিন্ন সত্ৰৰ নামঘৰ আদিত এইদৰে দিহানাম চৰ্চা কৰি আহিছে ।

ইপিনে দিহা সম্ৰাট কমলা গগৈ নিজে এই প্ৰশিক্ষাৰ্থীৰ লগত উপস্থিত থাকি অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি প্ৰশংসনীয় । এই সমন্বয়েৰে অনাগত দিনত অসমৰ পৰা হিংসা, অশান্তিৰ পৰিৱেশ নিকাকৰণ কৰি এক সুস্থিৰ সমাজ গঢ় দিব বুলি আশা প্ৰকাশ কৰিছে দিহা সম্ৰাট কমলা গগৈয়ে ।

লগতে পঢ়ক : No electricity connection: বিদ্যুতৰ ব্যৱস্থা নাই, ম’বাইলৰ ফ্লাচ জ্বলাই ভকতিত নিমগ্ন ভকত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.