Man rescued in unconscious: জোনাইত মুমূৰ্ষ অৱস্থাত এজন লোকক উদ্ধাৰ - Man rescued in unconscious
🎬 Watch Now: Feature Video
জোনাই, ২৪মে': জোনাইৰ উজনি বিজয়পুৰৰ ৰে'ল লাইনৰ কাষত বুধবাৰে পুৱাই মুমূৰ্ষ অৱস্থাত এজন লোকক উদ্ধাৰ কৰাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । স্থানীয় ৰাইজে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে প্ৰায় ৩০ বছৰীয়া অচিনাক্ত ব্যক্তিগৰাকীক । লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক (Man rescued in an unconscious state in Jonai) ।
জোনাই আৰক্ষী আৰু ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ব্যক্তিগৰাকীক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Man rescued in unconscious) । কিন্তু, পৰৱৰ্তীসময়ত উন্নত চিকিৎসাৰ বাবে ব্যক্তিজনক ৰেলৱে আৰক্ষীয়ে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Fake cash seized: জামুগুৰি আৰক্ষীৰ জালত 12 হাজাৰ জালনোটসহ এটা সৰবৰাহকাৰী
TAGGED:
Man rescued in unconscious