Man Elephant Conflict: জনাঞ্চলত দুই বন্যহস্তীয়ে চলাইছে তাণ্ডব

By

Published : Jun 20, 2023, 5:48 PM IST

thumbnail

জোনাই,২০ জুন: ৰাজ্যত ভয়াবহ হৈ পৰিছে হাতী মানুহৰ সংঘাত ৷  বিগত কিছু দিন ধৰি খাদ্যৰ সন্ধানত পবা বনাঞ্চলৰ পৰা ওলাই অহা দুটা বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে জোনাইৰ চেঙাজানত । জানিব পৰা মতে বনৰীয়া হাতী দুটাই কিছু দিন পূৰ্বৰে পৰা জোনাইৰ চেঙাজান, চেঙাজান কৈবৰ্ত্ত, চৌৰাংশ্ৰী আদি গাঁৱত ৰাতি হ’লে বহু পৰিয়ালৰ ঘৰ-বাৰী ভাঙি পেলোৱাৰ লগতে অনিষ্ট কৰিছিল বহু বিঘা গোমধানৰ খেতি । 

উল্লেখযোগ্য যে, বিগত কেইবা মাহ ধৰি পবা বনাঞ্চলৰ পৰা বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলত বন্যহস্তীয়ে ধাৰাবাহিকভাৱে তাণ্ডৱ চলাই অহাৰ সময়তে পুনৰ এইবাৰ আতংকৰ সৃষ্টি কৰা দেখা গৈছে চেঙাজান অঞ্চলত। অতি শীঘ্ৰে চেঙাজানবাসীৰ সুৰক্ষাৰ স্বাৰ্থত জোনাই বন বিভাগে উক্ত স্থানৰ পৰা হাতী দুটা খেদি পঠিওৱাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিলে ৰাইজে ।

লগতে পঢ়ক:Mission Flood free Guwahati: 10 দিনৰ ভিতৰত উচ্ছেদ চলিব লক্ষ্মীযানত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.