thumbnail

By

Published : Oct 23, 2022, 7:53 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Man died of Electric shock: বিদ্যুৎস্পৃষ্ট হৈ মঙলদৈত শ্ৰমিকৰ মৃত্যু

মঙলদৈত অঘটন ৷ দেওবাৰে মঙলদৈৰ কৰিম চ’কত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু ঘটে (Man died of Electric shock in Darang) ৷ মৃত্যু হোৱা লোকজন দুধনৈ লেলাৰ বাসিন্দা নয়ন বড়ো (৩০) বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ব্ৰইলাৰৰ খাদ্য অনা ট্ৰাক গুদামত সোমোৱাৰ মুহুৰ্তত মঙলদৈ টংলা পথত হাইভল্টেজৰ কাৰেন্ট প্ৰবাহিত তাঁৰত লাগি ট্ৰাকত থকা এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ৷ পৰৱৰ্তী সময়ত আহত শ্ৰমিকজনক ওচৰতে থকা JNSM নাৰ্ছিং হোমলৈ নিয়া হয় ৷ কিন্তু চিকিৎসাৰ পূৰ্বেই মৃত্যু হয় শ্ৰমিকজনৰ ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.