thumbnail

সকলো নিষ্পত্তি হ’ল: গোচৰশূণ্য হ’ল মাজুলী জিলা

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 6:24 PM IST

মাজুলী, 1 জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম দিনটোতে আৰক্ষীয়ে দিছে এক ভাল খবৰ ৷ গোচৰশূণ্য হ’ল ৰাজ্যৰ এখন এখন জিলা ৷ ৰাজ্যৰ ভিতৰতে গোচৰশূণ্য হোৱা জিলাত পৰিগণিত হ’ল ঐতিহাসিক মাজুলী ৷  

আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত সত্ৰপীঠ মাজুলীতো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ নৱবৰ্ষৰ প্ৰথমটো দিনতে মাজুলী আৰক্ষীয়ে দিছে এটা ভাল খবৰ ৷ আজিৰ তাৰিখত গোচৰশূণ্য জিলাত পৰিণত হ’ল মাজুলী জিলা ৷

মাজুলী আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া অনুসৰি জিলাখনত 2023 বৰ্ষত সৰ্বমুঠ 267 টা গোচৰ পঞ্জীয়ন হৈছিল ৷ মাজুলীৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হোৱা 267 টা গোচৰই 32 ডিচেম্বৰৰ ভিতৰত অৰ্থাৎ 2023 বৰ্ষতে মাজুলী আৰক্ষীয়ে নিষ্পত্তি কৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে ৰাজ্যৰ ভিতৰতে গোচৰশূণ্য হোৱা প্ৰথমখন জিলাত পৰিণত হ’ল মাজুলী জিলা ৷ এই কৃতিত্বৰ বাবে মাজুলীৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনৰ সকলো আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে ৷ 

লগতে পঢ়ক : নতুন বৰ্ষত মহানগৰীত ২০০০ টা চি চি কেমেৰা সংস্থাপনৰ লক্ষ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.