অসমীয়া আধুনিক সংগীতৰ গুৰি ধৰিছিল ভূপেন উজীৰে: মহেন্দ্ৰ হাজৰিকা - শিল্পী ভূপেন উজীৰ
🎬 Watch Now: Feature Video
Published : Jan 10, 2024, 5:01 PM IST
মাজুলী, ১০ জানুৱাৰী: মঙলবাৰে নিশা শেষ নিশ্বাস ত্য়াগ কৰা সংগীত শিল্পী ভূপেন উজীৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শিল্পী মহেন্দ্ৰ হাজৰিকাই । আজি মাজুলীত মহেন্দ্ৰ হাজৰিকাই শিল্পী ভূপেন উজীৰৰ মৃত্য়ুত শোক প্ৰকাশ কৰি কয় যে ভূপেন উজীৰে অসমীয়া আধুনিক সংগীতক প্ৰথম অৱস্থাৰ পৰাই গুৰি ধৰি আগবঢ়াই নিছিল । তেওঁ অকল সংগীত পৰিচালকেই নহয়, শব্দযন্ত্রী হিচাপেও পৰিচিত আছিল ।
শিল্পী মহেন্দ্ৰ হাজৰিকাই পুনৰ কয় ,"তেওঁ কোনো দিন উভতি নহাৰ পথেৰে গুচি গ'ল আমাৰ মাজৰ পৰা । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক । তেওঁৰ পৰিয়াললৈ শ্ৰদ্ধা নিবেদন কৰিছো । ভূপেন উজীৰৰ লগত বহু স্মৃতি জড়িত হৈ আছে ।" তেওঁ কয় যে গান গলেই এজন শিল্পী নহয় । ভূপেন উজীৰ এগৰাকী প্ৰকৃত শিল্পী আছিল বুলি শিল্পী মহেন্দ্ৰ হাজৰিকাই কয় ।
লগতে পঢ়ক:মৃত্যুৰ ওচৰত হাৰ মানিলে ভূপেন উজীৰে