Gandhi Jayanti 2023: কলিয়াবৰৰ লগত আছিল বাপুৰ প্ৰগাঢ় সম্পৰ্ক

🎬 Watch Now: Feature Video

thumbnail

কলিয়াবৰ, ২ অক্টোবৰ: জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি ১৫৪ সংখ‍্যক জন্মজয়ন্তী ৷ গান্ধী জয়ন্তীৰ দিনা সমগ্ৰ দেশে স্মৰণ কৰিছে মহান মণিষীগৰাকীক ৷ ভাৰতক স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা অনবদ্য অৱদান তথা নিজৰ মতাদৰ্শ, দৰ্শন, সংগ্ৰাম, দৃঢ়তাৰ বাবে বিশ্বৰ অন্যতম বিশিষ্ট ব্যক্তি হিচাপে পৰিচিত হৈ পৰে মহাত্মা গান্ধী । অসমৰ লগতো আছে গান্ধীৰ নিবিড় সম্পৰ্ক ৷ কলিয়াবৰৰ শিলঘাটত গান্ধীয়ে পদাৰ্পণ কৰি পবিত্ৰ কৰা ভূমিত স্থাপন কৰা হ'ল গান্ধী অস্থিধাম ।

১৯২১ চনৰ অসহযোগ আন্দোলন চলি থকা সময়ত প্ৰথমবাৰলৈ অসমলৈ আগমন ঘটিছিল গান্ধীজীৰ । ১৯২১ চনৰ ২২ আগষ্টত তেজপুৰৰ পৰা জাহজেৰে বৰলুইত পাৰ হৈ পুৱা ৯:৩০ বজাত শিলঘাটত পদাৰ্পণ কৰে গান্ধীজীয়ে । গান্ধীক দেখা পাবলৈ শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ ডাক বঙলাৰ বাকৰি লোকে লোকাৰণ‍্য হৈ পৰে । গান্ধীজীয়ে সমবেত ৰাইজৰ আগত ভাৰতৰ মুক্তি সংগ্ৰাম আৰু অসহযোগৰ তাৎপৰ্য‍ ব‍্যাখ‍্যা কৰে । কলিয়াবৰবাসীৰ মন আৰু হৃদয়ত গান্ধীজীয়ে স্বৰাজৰ বীজ ৰোপণ কৰে ।

ইয়াৰ লগতে থানুৰাম ভূঞা, বদন চন্দ্ৰ বৰদলৈ, গণেশ চন্দ্ৰ বৰঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকী লোকে গান্ধীজীৰ চৰণ চুই আন্দোলন কৰিবলৈ অংগীকাৰ কৰে । গান্ধীজীয়ে জিৰণী লোৱা বাংলোটোৱে এতিয়াও সোঁৱৰাই তেওঁৰ কথা ।

লগতে পঢ়ক: Gandhi Ghar at Sarania Hill: গুৱাহাটীৰ ‘গান্ধী ঘৰ’ত আজিও আছে মহাত্মা গান্ধীৰ মাদকতা

Last Updated : Oct 2, 2023, 11:03 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.