নৈবেদ্য মাহ-প্ৰসাদৰ দি পুৱাই মেজি জ্বলালে ৰাইজে

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 10:31 AM IST

thumbnail

মৰাণ, 15 জানুৱাৰী : আনন্দ উল্লাসেৰে উৰুকা উদযাপন কৰা পাচতেই সোমবাৰে পুৱাই পৰম্পৰাগত ৰীতি-নীতিৰে মাঘ বিহুৰ মেজি জ্বলালে ডিব্ৰুগড়ৰ ৰাইজে । ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জকাই বৰবিল গাঁৱৰ ৰাইজে একত্ৰিত ধূপ-ধূনা জ্বলাই সকলোৱে নেদেখাজনৰ আগত সমাজৰ পৰা অপায়-অমংগল আঁতৰাবলৈ প্ৰাৰ্থনা জনাই মেজি জ্বলায় ৷ 

পুৰণি ৰীতি-নীতিৰে মাঘ বিহুৰ মেজি সজা, ভেলাঘৰ নিৰ্মাণ কৰা, গৰখীয়াৰ আশীৰ্বাদ লোৱা পৰম্পৰা এতিয়াও অক্ষুন্ন আছে গাঁওখনত ৷ ৰীতি অনুসৰি, গাঁওখনৰ ৰাইজে মেজি জ্বলাবলৈ এজন নাবালক ল’ৰাক নিৰ্বাচিত কৰে । তাৰ পিচতে পুৱা ভকত বৈষ্ণৱ, ৰাইজৰ উপস্থিতিত আৰ্শীবাদ লৈ মেজি জ্বলাই গাঁওখনৰ ৰাইজে । গাঁওখনৰ ৰাইজে মেজিত আলু, কচু, মাটিমাহ, কৰাই চতিয়াই আজিৰ দিনটোৰ পৰাই গাঁওখনৰ ৰাইজে আলু, কচু ঘৰে ঘৰে খোৱা আৰম্ভ কৰে । শেষত গাঁওবাসীয়ে মেজিৰ জুইতে ৰাজহুৱাভাবে আৰ্শীবাদ লয় ।

লগতে পঢ়ক: ভোগৰ ভোগজৰা লৈ আজি ভোগালীৰ উৰুকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.