গুৰৰ বাবে বিখ্যাত তিতাবৰৰ ধুবুনী গাঁৱত ভোগালীৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 4:23 PM IST

thumbnail

যোৰহাট, 11 জানুৱাৰী : পদূলীমুখত অসমীয়াৰ অতি হেপাঁহৰ ভোগালী ৷ ভোগালী বিহুক লৈ ৰাজ্যৰ চৌদিশে এক উখল-মাখল পৰিৱেশ ৷ সকলো ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ প্ৰস্তুতিত ৷ ভেলাঘৰ সজাৰ পৰা মেজিৰ খৰি কটালৈ, চিৰা-পিঠা খুন্দাকে ধৰি উৰুকাৰ ভোজ-ভাতৰ বাবে জা-যোগাৰত ব্যস্ত অসমীয়া ৷ পৰিৱৰ্তনৰ ঢৌৱে ভোগালীকো চুইছে যদিও ৰাজ্যবাসী নিজৰ পৰম্পৰা, ঐতিহ্য অটুট ৰাখি ভোগালীক উদযাপন কৰিবলৈ সাজু হৈছে ৷ ইয়াৰ মাজতে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে তিতাবৰৰ এখন গাঁৱে ৷ য’ত পৰম্পৰাক জীৱিকা হিচাবে গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰিছে গাঁওবাসীয়ে ৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভোগালী বিহুৰ বাবে কুঁহিয়াৰ পেৰি গুৰ প্ৰস্তুত কৰাত ব্যস্ত তিতাবৰৰ এখন বিশেষ গাঁও ৷ নাম ধুবুনী গাঁও ৷ গাঁওখনৰ প্ৰতিটো পৰিয়াল এতিয়া দিনে-নিশাই ব্যস্ত কুঁহিয়াৰ পেৰি উন্নত মানৰ গুৰ প্ৰস্তত কৰাত ৷ অতীতৰ পৰাই পৰম্পৰাগতভাৱে শালত ম'হেৰে কুঁহিয়াৰ পেৰি গুৰ প্ৰস্তুত কৰে গাঁওবাসীয়ে ৷ 

এশ শতাংশ বিশুদ্ধ আৰু অতি উন্নত মানদণ্ডৰ গুৰ প্ৰস্তুত কৰা হয় ধুবুনী গাঁৱত ৷ সেয়েহে ৰাজ্যৰ বিভিন্ন ঠাইৰ গ্ৰাহকে ক্ৰয় কৰে তিতাবৰ ধুবুনী গাঁৰ গুৰ ৷ গুৰৰ বাবে বিখ্যাত তিতাবৰৰ অতি ভিতৰুৱা অঞ্চল ধুবুনী গাঁৱৰ প্ৰতিটো পৰিয়াল এতিয়া ভোগালী বিহুৰ বাবে এনেদৰে দিনে-নিশাই ব্যস্ত কুঁহিয়াৰ পেৰি গুৰ প্ৰস্তুত কৰাত ৷ 

লগতে পঢ়ক : মাজুলীত কুঁৱলীৰ বাবে ফেৰী চলাচলত বাধা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.