Jagannath Rath Yatra 2023: উদুলি-মুদুলি ডিব্ৰুগড় খনিকৰৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ

By

Published : Jun 20, 2023, 4:24 PM IST

thumbnail

ডিব্ৰুগড়, ২০ জুন: হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে মুখৰিত হ'ল ডিব্ৰুগড় খনিকৰৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ । ক'ভিডৰ বাবে দুটা বৰ্ষৰ পাছত মঙলবাৰে পুৱাৰ ভাগৰে পৰা আৰম্ভ হৈছে এই ৰথ যাত্ৰা । জগন্নাথ সাংস্কৃতিক ন্যাসৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হোৱা এই ৰথ যাত্ৰাত জগন্নাথ মন্দিৰত ভোৰ তালৰ শব্দ আৰু হাজাৰ হাজাৰ ভক্তৰ হাত চাপৰি আৰু হৰিধ্বনিৰে মুখৰিত হৈছে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰা ।  

ৰথযাত্ৰাৰ বিশেষ আধ্যাত্মিকতাৰে নিৰ্মাণ কৰা লগতে মহাপ্ৰভু জগন্নাথক ডিব্ৰুগড় কছাৰীবাৰীস্থিত আউনীআটী সত্ৰলৈকে আনি পুনৰ মন্দিৰ প্ৰাংগণলৈ ঘূৰাই লৈ যোৱা হ'ব আৰু এই ৰথ যাত্ৰাৰ পূজা পৰ্ব এগৰাকী ৰজাৰ দ্বাৰা কৰা নিয়ম অনুসৰি এইবাৰ সেই দায়িত্ব গ্ৰহণ কৰিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । 

লগতে পঢ়ক: Allegations of sexual harassment: ত্ৰিপুৰা বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.