এলজিবিটিৰ সমস্যা সমাধানৰ দাবীৰে মহানগৰীৰ ৰাজপথত বিশেষ সমদল - queer pride Guwahati

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 9:01 PM IST

গুৱাহাটী, ১৭ ডিচেম্বৰ : কুইয়েৰ প্ৰাইড গুৱাহাটীৰ দশম বাৰ্ষিকী উদযাপন । কুইয়েৰ প্ৰাইড গুৱাহাটীৰ দশম বাৰ্ষিকীৰ লগত সংগতি ৰাখি দেওবাৰে এলজিবিটিসকলৰ সমস্যা সমাধানৰ দাবীৰে গুৱাহাটীৰ ৰাজপথত সমদল উলিওৱা হয় ।

মহানগৰীৰ চান্দমাৰি উৰণ সেতুৰ তলৰ পৰা নেহেৰু পাৰ্কলৈ উলিওৱা হ'য় উক্ত বিশেষ ৰেলী ৷ উক্ত ৰেলীত প্ৰায় ৪ শতাধিক এলজিবিটি সমাজৰ লোকে অংশগ্ৰহণ কৰে । উত্তৰ-পূবৰ লগতে বেংগালুৰুৰ এলজিবিটি সমাজৰ লোকেও অংশগ্ৰহণ কৰে গুৱাহাটীত উলিওৱা উক্ত ৰেলীত ৷

দেওবাৰে গুৱাহাটীৰ লগতে কলকাতাতো উক্ত ৰেলীৰ আয়োজন কৰা হয় । ৰেলীৰ আয়োজক ঋতুপৰ্ণা নেওগে কয়, ‘‘আজি আমাৰ বাবে এক বিশেষ দিন । সমতা আৰু সমঅধিকাৰ বাবে প্ৰতি বছৰে ওলাই আহোঁ । আজি সকলোৱে নিজৰ অধিকাৰৰ বাবে ওলাই আহিছে ৷’’

উল্লেখ্য যে, এল জি বি টিৰ অধিকাৰৰ দাবীত ১৯৯৯ চনত কলকাতাত এই যাত্ৰা আৰম্ভ কৰা হৈছিল (Queer pride rally Guwahati) ৷

লগতে পঢ়ক : আমাৰ সমাজত কিমান সুৰক্ষিত যৌন কৰ্মী ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.