thumbnail

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 7:06 AM IST

ETV Bharat / Videos

হাতী নহয়, নাহৰফুটুকী খেদিবলৈ নিশা হাতত দা-লাঠি লৈ টীয়কৰ হাতীপাৰাত ওলাই আহিল ৰাইজ

টীয়ক, 24 ডিচেম্বৰ : বাঘ ঐ বাঘ ! হাতত লাঠি, টৰ্চ লৈ শনিবাৰে নিশাৰ ভাগত নাহৰফুটুকী খেদিবলৈ ওলাই আহিল টীয়কৰ এটা অঞ্চলৰ লোক ৷ টীয়কৰ কাৱৈমাৰী হাতীপাৰাত নিশাৰ ভাগত এটা নাহৰফুটুকী মুক্ত বিচৰণ কৰাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ ৷

ৰাইজৰ অভিযোগ অনুসৰি, কিছুদিনৰ পৰা উক্ত অঞ্চলটোত নাহফুটুকীয়ে আতংকৰ সৃষ্টি কৰি আহিছে ৷ কেইবাটাও গৰু, ছাগলী ভক্ষণ কৰিছে নাহৰফুটুকীটোৱে ৷ তাৰ পচতো বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ ইফালে শনিবাৰে সন্ধিয়া সময়ত নাহৰফুটুকীটো বিচৰণ কৰি থকা দেখাৰ লগে লগে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত ৷

ইফালে স্থানীয় ৰাইজে নাহৰফুটুকীটোক খেদাত এজোপা গছত আশ্ৰয় লয় ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়ে আৰু ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় বন কৰ্মী ৷ বন কৰ্মীয়ে নিশাৰ ভাগলৈ বাঘটোক উক্ত অঞ্চলৰপৰা খেদি পঠিয়াবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ তিনি প্ৰাৰ্থীক ভয় ভাবুকি দেখুৱাই নিৰুদ্দেশ কৰা হৈছে : ৰাণা গোস্বামী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.