Artist Bhola Kataki passes away: ৰজনী মাষ্টৰৰ শেষ যাত্ৰা

By

Published : Nov 5, 2022, 1:45 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভুগি শুকুৰবাৰে বিয়লি গুৱাহাটী চিকিংসা মহাবিদ্যালয়(Gauhati Medical College and Hospital)ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ চলচিত্ৰ অভিনেতা তথা নটসূৰ্য ফণী শৰ্মা বঁটা(Natasurya Phani Sharma Award) প্ৰাপক ভোলা কটকীয়ে(Bhola kataki is no more) । শনিবাৰে পুৱা জামুগুৰিহাটৰ সংগীয়া মাজৰচুক গাঁৱলৈ নিয়া হয় বিশিষ্ট শিল্পীগৰাকীৰ নশ্বৰ দেহ । শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বাসগৃহত ভিৰ কৰে অগণণ গুণমুগ্ধই । জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা সমিতিকে ধৰি ডেৰ কুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে প্ৰিয় নাট্য শিল্পীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে । শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ পুৱাই শিল্পী ভোলা কটকীৰ বাসগৃহত গৈ উপস্থিত হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাও ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.