thumbnail

Lankasi police seized tanker:খাৰুৱা তেল চুৰি কৰি থকাৰ সময়তে টেংকাৰ জব্দ লাংকাছি আৰক্ষীৰ

By

Published : May 26, 2023, 5:21 PM IST

তিনিচুকীয়া, ২৬ মে’: লাংকাছি আৰক্ষীৰ খাৰুৱা তেল চুৰিৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । চোৰাং কার্যৰ বেহা উৎখাত কৰাৰ অভিযানত সদায়েই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে লাংকাছি আৰক্ষীয়ে । শুকুৰবাৰে পুৱতি নিশা তিনিচুকীয়া জিলাৰ টেঙাপানী উৰাং বস্তিত অভিযান চলাই লাংকাছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কুমাৰ বৰাৰ নেতৃত্বত এটা দলে এখন টেংকাৰ জব্দ কৰে (Lankasi police seized tanker) ৷

জব্দ কৰা টেংকাৰখনৰ নম্বৰ NL 02 k 7618 ৷ উক্ত টেংকাৰখনত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা নল সংযোগ কৰি চোৰাং ভাবে খাৰুৱা তেল ভৰাই থাকোতেই হাতে লোটে ধৰা পেলাই আৰক্ষীয়ে (Police seized tanker while stealing crude oil) । উক্ত চোৰাং কাৰ্যত লিপ্ত থকা কোনো ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল যদিও টেংকাৰ খন লাংকাছি আৰক্ষী চকীলৈ লৈ যোৱা হয় । কাৰ ছত্ৰছায়াত এনেধৰণৰ খাৰুৱা তেলৰ ৰমৰমীয়া ব্যৱসায় চলিছে সেই ৰহস্যৰ উদ্ঘাটন কৰাত নিশ্চয় অতি সোনকালে এই জব্দ টেংকাৰখনৰ পৰা কিছু তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীৰ বিশ্বাস ।

লগতে পঢ়ক : Protest at Namti Boys HS School:নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তাল পৰিৱেশ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.