thumbnail

By

Published : Jul 28, 2023, 9:00 PM IST

ETV Bharat / Videos

Landslide in Arunachal Pradesh : ৫১৩ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন;শ শ যান-বাহন আৱদ্ধ

জোনাই, 28 জুলাই: অৰুণাচলত ৰুষ্ট হৈ উঠিছে প্ৰকৃতি ৷ বিগত দুদিন ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হৈ আছে ধাৰাষাৰ বৰষুণ ৷ ফলত ঠায়ে ঠায়ে হৈছে ভূমিস্খলনৰ ঘটনা ৷ অৰুণাচলৰ পাছিঘাট আৰু পাংগিন সংযোগী পথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ নেৰানেপেৰা বৰষুণৰ বাবে ৫১৩ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হয় ৷ ফলত অৰুণাচলৰ পাছিঘাট আৰু পাংগিন সংযোগী যাতায়ত বন্ধ হৈ পৰে ৷  

পাহাৰীয়া শিল আৰু বোকাই পুতি পেলাইছে ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ বৃহৎ অংশ ৷ ফলত পথৰ দুয়ো দিশে আৱদ্ধ হৈ পৰিছে যান-বাহন ৷ শ শ লোক আৱদ্ধ হৈ পৰিছে পথৰ দুয়ো কাষে ৷ আনহাতে অৰুণাচলৰ ৰুকচিন, পাচিঘাট, ৰেংগিং, ৰটুং, য়ম্বুং আৰু পাংগিনৰ  বলেং, আল ইয়ংকংৰ সৈতে যোগাযোগ বন্ধ হৈ পৰিছে ৷ 

লগতে পঢ়ক:Farming in Assam : অসম অৰুণাচল সীমান্তত তৈল খেজুৰৰ খেতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.