Constituency delimitation:লাহোৱাল সমষ্টি বিলুপ্তিককৰণৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী - প্ৰতিবাদী কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 5, 2023, 6:24 PM IST

ডিব্ৰুগড়, 5 জুলাই : নিৰ্বাচন আয়োগৰ খচৰাত লাহোৱাল সমষ্টি বিলুপ্তিককৰণৰ খবৰ ৰাজহুৱা হোৱাৰ পাচতে লাহোৱালত ৰাইজে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । লাহোৱাল সমষ্টি বিলুপ্তিকৰণ মানি নলয় লাহোৱাল সমষ্টিৰ ৰাইজে । লাহোৱাল বন্ধ দিয়াৰ লগতে জোঁৰ সমদল, প্ৰতিবাদী সভাৰ পাচতে এইবাৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে আৰম্ভ হৈছে গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ।

ডিব্ৰুগড় জিলাৰ অন্যতম বিধানসভা সমষ্টি হৈছে লাহোৱাল সমষ্টি । নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা খচৰাৰ বিৰোধিতা কৰি লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে সমষ্টিৰ ৰাইজ ক্ষোভিত হৈ পৰে ৷ মঙলবাৰৰ পৰা লাহোৱালত ৰাইজে আৰম্ভ কৰিছে গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ।

উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । ১৯৫৭ চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলিকৈ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে । সমষ্টিটো বিলুপ্তিকৰণৰ পাচতেই লাহোৱালত বন্ধ ঘোষণা কাৰ্যসূচী ৰূপায়ণ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে লাহোৱালৰ ৰাইজে । লাহোৱালৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাচত চৰকাৰ তথা নিবাৰ্চন আয়োগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : Constituency delimitation:সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা প্ৰব্ৰজন বিৰোধী মঞ্চৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.