ফখৰুদ্দিন আলি আহমেদ সোঁৱৰণী কাপ ফুটবলত কোহিমা চেম্পিয়ন - হোজাইত ২য় বাৰ্ষিক ফখৰুদ্দিন আলি আহমেদ কাপ ফুটবল
🎬 Watch Now: Feature Video
Published : Nov 22, 2023, 12:50 PM IST
হোজাই, ২২ নৱেম্বৰ : হোজাই জিলাৰ নখুঁটীত,নখুঁটী যুৱক সংঘৰ সৌজন্যত মঙলবাৰে নিশা আয়োজিত ২য় বাৰ্ষিক ফখৰুদ্দিন আলি আহমেদ সোৱৰণী কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কালি অনুষ্ঠিত হয় । ৰাজ্যিক ভিত্তিত আয়োজিত এই ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন মঙলবাৰে অনুষ্ঠিত হয় । মণিপুৰ ফুটবল দল আৰু কোহিমা ফুটবল দলৰ মাজত নখুটি হাইস্কুল খেল পথাৰত অনুষ্ঠিত নৈশ ফুটবলৰ চূড়ান্ত খেলখনত কোহিমা দলে ২-১ গলত জয় হ'বলৈ সক্ষম হয় ।
উক্ত প্ৰতিযোগিতাত ৰাজ্যখনৰ লগতে বহি:ৰাজ্যৰ পৰা ১৬ দলে অংশগ্রহণ কৰে । নৈশ ফাইনেল খেলখনৰ আৰম্ভণি অনুষ্ঠানত নৃত্য-গীত পৰিৱেশন কৰা হয় । উক্ত ফাইনেল খেলখনত হোজাই জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে । নখুঁটি যুৱক সংঘৰ সম্পাদক আজায়ুল ইছলামে এই সন্দৰ্ভত কয় যে নখুঁটিৰ নিচিনা এক পিছপৰা অঞ্চলত খেলপ্ৰেমী ৰাইজৰ উচাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে । আগন্তুক দিনত খেলৰ ক্ষেত্ৰত এই অঞ্চলসমূহ আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক:হাতী-মানুহৰ সংঘাত সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ গোলাঘাটত উপস্থিত বিদেশী পৰ্যটক