thumbnail

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 3:28 PM IST

ETV Bharat / Videos

Loksabha election 2024: কোচ ৰাজবংশীয়ে দুটাকৈ লোকসভা সমষ্টি দাবী কৰাৰ সম্ভাৱনা

বাইহাটা, 12 নৱেম্বৰ: লোকসভা সমষ্টিক লৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে কুচকাৱাজ ৷ সমান্তৰালভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত আগন্তুক লোকসভা নিৰ্বাচনক লৈ পৰিকল্পনা আৰম্ভ কৰিছে কোচ ৰাজবংশী ভোটাৰে ৷ কোচ ৰাজবংশীৰ সৰ্বাধিক জনসংখ্যা থকা বৰপেটা আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টি দুটা দাবী কৰিব বুলি জানিব পৰা গৈছে জনগোষ্ঠীটোৱে । 

কিয়নো দৰং-ওদালগুৰি লোকসভা সমষ্টিত কোচ ৰাজবংশীৰ ভোটাৰ আছে 4 লক্ষধিক আৰু বৰপেটা লোকসভা সমষ্টিত ভোটাৰ আছে 6 লক্ষাধিক । যিটো ৰাজনৈতিক দলে জনগোষ্ঠীটোক এই দুখন আসন এৰি দিব সেই ৰাজনৈতিক দলকে কোচ ৰাজবংশী জনগোষ্ঠীটোৱে সমৰ্থন জনাব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে । জনগোষ্ঠীটোৰ সমস্যাসমূহ সংসদত উত্থাপন কৰিবলৈ এজন হ’লেও প্ৰতিনিধি পঠিয়াব বিচাৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৱে । 

স্থানীয় ভোটাৰ ৰাইজে দৰং-ওদালগুৰি সমষ্টিৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীয় সন্মিলনীৰ তৰফৰ পৰা সভাপতি প্ৰণৱ নাৰায়ণ দেৱক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী কৰা বুলিও উল্লেখ কৰে খোদ সভাপতিগৰাকীয়ে । ইয়াৰ লগতে মাধৱ ৰাজবংশীৰ পিচত কোনো এজন সাংসদ দিল্লীলৈ যোৱা নাই বুলিও কয় সভাপতিগৰাকীয়ে ।  

এই দাবীৰ প্ৰতি সন্মতি জনালে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ আশাত চেঁচাপানী পৰিব নেকি বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত ৷

লগতে পঢ়ক: Horrific accident : একে পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.