KMSS on TET exam: টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা KMSSৰ - কৃষক মুক্তি সংগ্ৰাম সমিতি
🎬 Watch Now: Feature Video
ৰাজ্যত দুবছৰলৈ অনুষ্ঠিত নহয় নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট পৰীক্ষা(Assam TET exma) ৷ বুধবাৰে এক সংবাদমেল যোগে এই কথা ঘোষনা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে(Minister Ranoj Pegu) ৷ উল্লেখ্য যে, বৰ্তমানেও বহু সংখ্যত টেট উত্তীৰ্ণ প্ৰাথী(Assam TET pass candidate) থকাৰ বাবেই পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধন্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ শিক্ষামন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিচতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ চৰকাৰৰ সিদ্ধান্তক ভয়ংকৰ আখ্যা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ(Krishak Mukti Sangram Samiti) সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ বিদ্যুৎ শইকীয়াই কয় যে, ‘‘টেট পৰীক্ষাৰ যোগেদি যোগ্যতা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে নিকাভাৱে চাকৰি লাভ কৰাৰ পথ প্ৰশস্ত হৈছিল । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছিল । তেনেস্থলত কিয় চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ?’’ চৰকাৰে নিবনুৱাক সংস্থাপন দিব নোৱাৰি টেট পাছ কৰি বহি থাকিব লাগিব বুলি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি বুলিও প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ বিদ্যালয় একত্ৰীকৰণৰ প্ৰসংগ উল্লেখ কৰি বিদ্যুৎ শইকীয়াই কয়, ‘‘চৰকাৰে শিক্ষাখণ্ডৰ উন্নতি সাধন কৰাৰ বিপৰীতে বিদ্যালয় বন্ধ কৰাৰ লগতে একত্ৰিত কৰিলে । যাৰ ফলত এতিয়া শিক্ষকৰ পদসমূহ নোহোৱা হৈ পৰিল । শিক্ষকৰ পদসমূহ নোহোৱা হৈ পৰাত এতিয়া চাকৰি দিব নোৱাৰি চৰকাৰে টেট অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।’’
Last Updated : Feb 3, 2023, 8:38 PM IST