KMSS reaction: সন্দৰ্ভত KMSS ৰ প্ৰতিক্ৰিয়া - Indigenous people of Assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 9:21 PM IST

গুৱাহাটী,২৬ অক্টোবৰ : মিছন বসুন্ধৰা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰকাশ কৰে তীব্ৰ প্ৰতিক্ৰিয়া । বৃহস্পতিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় কয় যে খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰৰ দৰে স্পৰ্শকাতৰ বিষয়ক লৈ লৰা-ধেমালি কৰিছে শাসনাধিষ্ঠ বিজেপি চৰকাৰে । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া ভূমিহীনলোকক মাটিৰ অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।  

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া ভূমিহীনলোকক প্ৰৱঞ্চনা কৰিছে । মিছন বসুন্ধৰাৰ জৰিয়তে অসমৰ ১৩ লাখ ৪৯ হাজাৰজন‌ খিলঞ্জীয়াই ভূমিৰ অধিকাৰৰ বাবে আৱেদন‌ কৰিছিল ।‌ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰে ৯ লাখৰো অধিক আৱেদন নাকচ কৰিছে । তেওঁ কয় যে যিখন চৰকাৰে ৰামদেৱক হাজাৰ বিঘা মাটি দিব‌ পাৰে সেইখন চৰকাৰে খিলঞ্জীয়াক ভূমিৰ অধিকাৰৰ পৰা‌ বঞ্চিত কৰি আছে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বঞ্চনাৰ তীব্ৰ বিৰোধিতা কৰিছে ।  

লগতে পঢ়ক: Meeting Of Opposition: ঐতিহাসিক প্ৰস্তাৱ লৈ বিৰোধী ঐক্য মঞ্চৰ বৈঠকত বিধায়ক অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.