Sherman Ali controversy: শ্বেৰমান আলীক তুলাধুনা কৃষক সভাৰ ৰাজ্যিক সভাপতিৰ - শ্বেৰমান আলীক তুলা ধূণা কৃষক সভাৰ ৰাজ্যিক সভাপতিৰ
🎬 Watch Now: Feature Video
কলগাছিয়া,২০ মে': বাঘবৰৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক সভাৰ ৰাজ্যিক সভাপতি চানমামুদ আহমেদে (Kisan Sabha state president slams Sherman Ali) । মহিলাই পুৰুষৰ দৈহিক চাহিদা পূৰণ কৰিব নোৱাৰিলে সেই পুৰুষে দ্বিতীয় বিবাহ কৰিব পাৰে বুলি বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali controversial comment) ।
লগতে বেমাৰী পত্নীৰ স্বামীক পুনৰ বিয়া পাতিবলৈ সুযোগ দিব লাগে বুলি চৰম বিতৰ্কিতমূলক মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে । শ্বেৰমান আলীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চানমামুদ আহমেদে কয় যে, শ্বেৰমান আলীৰ নিজৰ চৰিত্ৰই ঠিক নহয় । নিজে বেলেগৰ পত্নীক বিয়া পাতি বেলেগক উচটনি দিছে (Shanmamud Ahmed slams Sherman Ali) ।
তেওঁ এজন অযোগ্য, ভণ্ড আৰু কু-মানসিকতাৰ মানুহ । তেখেতৰ কথাত প্ৰতিক্ৰিয়াও দিব নালাগে বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে । এয়া এটা অসামাজিক কথা বুলি উল্লেখ কৰি তেওঁ কয় যে, স্বামীৰ বেমাৰ হলে তেওঁৰ পত্নী বেলেগৰ লগত গ'লে তেওঁ মানিব নেকি ? তেন্তে পত্নীৰ বেমাৰ হ’লেই স্বামীয়ে কিয় পুনৰ বিবাহপাশত আৱদ্ধ হ'ব ।
লগতে পঢ়ক: World Honey Day: বিশ্ব মৌ দিৱসৰ দিনাই পূৰবী মৌ মুকলি