Teok murder case : মোৰ ল’ৰাক আইনে যি শাস্তি দিয়ে আমি মানি ল’ম; লোহিত গগৈৰ মাতৃৰ বক্তব্য

By

Published : Feb 22, 2023, 9:44 PM IST

thumbnail

টীয়ক, 22 ফেব্ৰুৱাৰী: "সি ঘৰত পইচা বিচাৰি ঘৰত উপদ্ৰৱ কৰে ৷ মই খোজ কাঢ়িব নোৱাৰোঁ, তাৰ পিচতো সি মোক চোঁচৰাই বাহিৰলৈ লৈ আনে ৷ পইচা নিদিলেই সি ঘৰত হুলস্থুল কৰে ৷" ঘাতক পুত্ৰৰ অবৰ্ণনীয় অত্যাচাৰৰ কথা নিজ মুখে স্বীকাৰ কৰিলে লোহিতৰ মাতৃয়ে (Luhit Gogoi mother and sisters reaction)৷

সুৰা, ড্ৰাগছ, জুৱাই শেষ কৰিলে দুটাকৈ জীৱন (Brutal murder at Teok) ৷ টীয়কৰ যাদৱপুৰ গান্ধী গাঁৱত মঙলবাৰে নিশা সুৰাৰ ৰাগীত লোহিত গগৈয়ে সংঘটিত কৰা লোমহৰ্ষক ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত (Man arrested for killing friend)৷ ঘাতক লোহিতে ইয়াৰ পূৰ্বেও পৰিয়ালৰ লোকৰ ওপৰত যথেষ্ট উপদ্ৰৱ চলাইছিল (Teok murder case) ৷  

লোহিতৰ ভগ্নী আৰু মাতৃয়ে জানিবলৈ দিয়া মতে লোহিতে পেছাত গাড়ী চালক আছিল যদিও ঘৰত এটকাও দিব পৰা নাছিল ৷ লোহিতে নিজ উপাৰ্জনৰ ধন সুৰাপান কৰিয়েই খৰচ কৰিছিল ৷ লোহিতৰ ঘৰখনো ভগ্নী আৰু কণিষ্ঠ ভাতৃয়েহে চলাইছিল ৷ ইয়াৰ পূৰ্বেও প্ৰায়েই লোহিতে ঘৰৰ লোকৰ পৰা পইচা খুজি ঘৰৰ লোকক হাৰাশাস্তি কৰাৰ লগতে শাৰীৰিকভাৱেও প্ৰহাৰ কৰিছিল ৷ এই অত্যাচাৰ ইমানে বেছি হৈছিল যে মাতৃ ভগ্নীয়ে ঘৰ এৰি ওচৰ-চুবুৰীয়াৰ ঘৰত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল ৷  

শেহতীয়াকৈ লোহিতৰ ঘৰৰ লোকে সি ড্ৰাগছ আসক্ত হৈছিল বুলিও গম পাইছিল ৷ কিন্তু লোহিতক বুজাবলৈ গ’লেও ঘৰৰ লোকৰ ওপৰত ওলোটাই আক্ৰমণহে কৰিছিল ৷ মঙলবাৰেও পূৰ্বৰ দৰেই মাতৃ আৰু ভগ্নীৰ পৰা জোৰ জবৰদস্তি পইচা খুজি বন্ধু ফাইৰ লগত সুৰাপান কৰি থকাৰ অৱস্থাতে তৰ্কা-তৰ্কিত লিপ্ত হয় ৷ এই তৰ্কা-তৰ্কিৰ চৰম ৰূপ লোৱাৰ পৰিণতিত লোহিতৰ হাতত থকা কটাৰীৰ ঘাপত শৰীৰৰ পৰা মূৰ বিছিন্ন হৈ পৰে ফাইৰ ৷  

এই জঘন্য ঘটনা সংঘটিত কৰিও সুৰাৰ ৰাগীত মাতাল হৈ লোহিতে বন্ধুৰ ছিন্ন মুণ্ড স্কুলৰ বেগ এটাত ভৰাই লৈ চাইকেল চলাই নিজেই লাহদৈগড় আৰক্ষী থানা অভিমুখে গতি কৰে ৷ কিন্তু আৰক্ষী থানা নৌপাওঁতেই লোহিতে আৰক্ষীৰ গাড়ী দেখি আৰক্ষীক বন্ধুৰ ছিন্ন মুণ্ড গতাই দি নিজেই কৰা অপৰাধৰ কথা স্বীকাৰ কৰে ৷ লগে লগে লাহদৈগড় আৰক্ষীয়ে লোহিতক গ্ৰেপ্তাৰ কৰি সোধা পোছাৰ বাবে নিজৰ জিম্মাত ৰাখে  (Accused arrested for killing friend)৷  

এই ঘটনা পোহৰলৈ অহাৰ পিচতে অকাংশ স্থানীয় দল সংগঠনে দোষীক কঠোৰ পৰা কঠোৰ শাস্তি দিবলৈ আহ্বান জনায় ৷ ৰাজ্যত শেহতীয়াকৈ বন্দনা কলিতাৰ ডাব’ল মাৰ্ডাৰ কেছৰ চাঞ্চল্য মাৰ নৌযাওঁতেই টীয়কৰ এই হত্যাকাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷  নিচাযুক্ত সামগ্ৰীৰ গ্ৰাসত পৰি উঠি অহা প্ৰজন্ম এইদৰে ধংসৰ মুখলৈ গতি কৰা ঘটনাই সচেতন মহলক চিন্তাত পেলাইছে ৷ 

লগতে পঢ়ক:Teok Murder case: নিচাই হ’ল কাল, কটাৰীৰে নিৰ্মমভাৱে শিৰচ্ছেদ বন্ধুক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.