KERAUF conference: ডিফুত K.E.R.A.U.ৰ প্ৰথম বাৰ্ষিক সন্মিলন আৰম্ভ - ডিফুত KERAUFৰ প্ৰথম বাৰ্ষিক সন্মিলন আৰম্ভ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 5:42 PM IST

ডিফু, ৩ ছেপ্টেম্বৰ: ২০২১ চনৰ চাৰি ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ ত্যাগ কৰি ঐতিহাসিক শান্তি আলোচনাৰ জৰিয়তে মূলসূঁতিলৈ ঘূৰি আহিছিল । কাইলৈ অৰ্থাৎ ৪ ছেপ্তম্বৰত এই চুক্তিয়ে ২ বছৰ অতিক্ৰম কৰিব ৷ 

উল্লেখযোগ্যে যে ছয়টা সংগঠন ক্ৰমে কেএলএনএলএফ, পিডিচিকে, ইউপিএলএ আৰু কেপিএলটিৰ তিনিটা গোটৰ নেতা-সদস্যসকলে অস্ত্ৰ ত্যাগ কৰাৰ পিছত পাৰ্বত্য জিলা কাৰ্বি আংলঙলৈ নামি আহিছিল শান্তিৰ ঢৌ ৷  

পৰৱৰ্তী পৰ্যায়ত শান্তি আলোচনাত স্বাক্ষৰ কৰা উগ্ৰপন্থী সংগঠন কেইটাই সংগঠনসমূহৰ কল্যাণ, উন্নয়ন প্ৰগতি আৰু চুক্তিত সন্নিৱিষ্ট দফাসমূহ আখৰে আখৰে পূৰণ কৰাৰ স্বাৰ্থত ডিফুত সৰ্বসন্মতি ক্ৰমে কাৰ্বি এক্স ৰিভলুশ্যনাৰী ইউনাইটেড ফ'ৰাম চমুকৈ K.E.R.A.U. নামকৰণেৰে এক ঐক্যৱদ্ধ মঞ্চ গঠন কৰিছিল ৷ সেই উপলক্ষে ৩ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে K.E.R.U.F ৰ প্ৰথমখন সন্মিলন ৷  

ডিফুৰ জয়ছিং দলে সোঁৱৰণি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটিৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তেলন কৰে K.E.R.U.F ৰ সভাপতি সম্পাদক ক্ৰমে পি দিল্লী আৰু প্ৰদীপ তেৰাঙে শ্বহীদ তৰ্পণ কৰে ৷ কাইলৈ অৰ্থাৎ চাৰি ছেপ্টেম্বৰত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে ৷ আনহাতে, আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত সংগঠনটোৰ এক আলোচনা চক্ৰত সংগঠনটেৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Asom Mala Scheme: ধেমাজিত অসম মালা আঁচনিৰ অধীনত ভূমি ক্ষতিপূৰণ আদায় দিয়াৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.