Karam Festival 2023: সৰুপথাৰত কৰম উৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:18 PM IST

thumbnail

সৰুপথাৰ,১ অক্টোবৰ: সৰুপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ শাখাৰ ষষ্ঠ-দ্বিবাৰ্ষিক অধিৱেশন আৰু কৰম উৎসৱ উদযাপন । ২৯, ৩০ ছেপ্টেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে সৰুপথাৰৰ নলনী খেলপথাৰত । চাহ জনজাতিৰ জাতীয় উৎসৱ কৰম উৎসৱৰ লগত সংগতি ৰাখি শনিবাৰে নিশা উপস্থিত থাকি সংগীতানুষ্ঠান পৰিৱেশন কৰে ঝুমুৰ সম্ৰাট দুলাল মানকিয়ে ।  

অসমৰ এগৰাকী লোকশিল্পী তথা সংগীতজ্ঞ লগতে অসমৰ চাহ জনগোষ্ঠীৰ পাৰম্পৰাগত লোকসংগীতৰ এইগৰাকী শিল্পী ঝুমুৰ সম্ৰাট খ্যাত দুলাল মানকিৰ সংগীতানুষ্ঠানৰ লগতে মাডলৰ তালে তালে হাজাৰ হাজাৰ মহিলাৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে । হাজাৰ হাজাৰ লোকে উপভোগ কৰিলে ঝুমুৰ নৃত্য । কৰম উৎসৱৰ লগত সংগতি ৰাখি উলহ-মালহেৰে তেওঁলোকে জাতীয় সাজপাৰ পৰিধান কৰি ঝুমুৰ নৃত্য কৰে । চাহ জনজাতিৰ গ্ৰাম্য জীৱন, জনজীৱনৰ বৰ্ণনা ঝুমুৰ সংগীতৰ যোগেদি চিত্ৰিত হয় ।

লগতে পঢ়ক: Murder case in Sarupathar: সৰুপথাৰত নৃশংস হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.