thumbnail

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 6:28 PM IST

ETV Bharat / Videos

সাংবাদিক নিগ্ৰহৰ ঘটনাক তীব্ৰ গৰিহণা যোৰহাট প্ৰেছ ক্লাৱৰ

যোৰহাট, 8 জানুৱাৰী : নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এগৰাকী সাংবাদিকক প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰি যোৰহাট প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু যোৰহাট জিলা সাংবাদিক সন্থাৰ সহযোগত যোৰহাট প্ৰেছ ক্লাৱত আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । আনহাতে, সোমবাৰে প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি জ্যেষ্ঠৰ পৰা কনিষ্ঠ সকলো সাংবাদিকে নগাঁৱৰ আয়ুক্তগৰাকীক তেওঁৰ পদবীৰ পৰা শীঘ্ৰে অপসাৰণ কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনায় ।

আনহাতে, এইক্ষেত্ৰত চৰকাৰে নিমাতে থকাটো এক উদ্বেগজনক বিষয় বুলি প্ৰতিবাদী সভাই উল্লেখ কৰে । সেয়েহে এইক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰাটো নিতান্তই প্ৰয়োজন । আজি উক্ত প্ৰতিবাদী সভাত যোৰহাট প্ৰেছ ক্লাৱৰ বিষয়ববীয়া, যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতিকে আদি কৰি যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনা, আছুৰ নেতৃত্ব উপস্থিত থাকে । উল্লেখ্য যে, এগৰাকী অসহায় মহিলাক সহায় কৰিবলৈ নগাঁও আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত সাংবাদিক দীপাংকৰ মেধিক আয়ুক্তগৰাকীয়ে শাৰীৰিকভাৱে অপদস্থ কৰিছিল, তাৰ পিচতেই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : সাংবাদিকক অপদস্থ কৰা জিলা আয়ুক্তক অপসাৰণৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.