thumbnail

By

Published : Jun 27, 2023, 7:31 AM IST

ETV Bharat / Videos

Journalist killed: ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট সাংবাদিকৰ মৃতদেহ

ছয়গাঁও, 27 জুন : কলহী নৈৰ শিঙিমাৰীৰ বাওমুৰাত উদ্ধাৰ দুদিন পূৰ্বে নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন হাতীপাৰাৰ আব্দুছ ছামাদ আলমগীৰৰ পুত্ৰ তথা সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰ বুলি চিনাক্ত কৰা হৈছে । মৃত আব্দুৰ ৰৌফ আলমগীৰ জামবাৰীস্থিত পঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহক সেৱাৰ স্বত্বাধিকাৰী আছিল ৷ ঘটনা সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া জামবাৰীস্থিত পঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ বন্ধ কৰি ঘৰলৈ আহি থাকোতে হঠাৎ সন্ধানহীন হৈ পৰে ৰৌফ ।

সন্ধানহীন আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ সোমবাৰৰ পুৱা কলহী নৈত উদ্ধাৰ কৰা হয় । কলহী নৈৰ বুকুত উদ্ধাৰ হোৱা মৃত যুৱকজনৰ শৰীৰৰ কেবাঠাইটো আঘাতৰ চিন স্পষ্টকৈ আছে বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে । আঘাতৰ চিন প্ৰত্যক্ষ কৰি কোনোবা দুস্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো কলহী নৈত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । এটা ৱেব পোৰ্টেলত কৰ্মৰত মৃত যুৱকজনৰ হত্যাৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰি উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : Assam flood: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; প্ৰথমটো বানত মৃত্যু 5 জনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.