Rangali Bihu 2023 : পুৰণা জেলম গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া নিৰ্মল দলেক সম্বৰ্ধনা - নিৰ্মল দলেক সম্বৰ্ধনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 15, 2023, 9:46 PM IST

জোনাই, ১৫ এপ্ৰিল : ব’হাগ বিহু তথা অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত অসম কবি সন্মিলন আৰু অসম সাহিত্য সভাৰ জোনাই শাখাৰ উদ্যোগত জোনাই সদৰৰ ঙাচাৰ চুক উকুমত জোনাইৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বহাগী বৰণ প্ৰদানৰ এক সভা অনুষ্ঠিত কৰা হয় (Rangali Bihu 2023) ৷ অসম কবি সন্মিলনৰ জোনাই শাখাৰ সভাপতি তোষেশ্বৰ মিৰি আগৰৱালাই সভাপতিত্বত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম কবি সন্মিলনৰ জোনাই শাখাৰ সম্পাদক ড৹ প্ৰান্তিকা শৰ্মাই ৷

এই অনুষ্ঠানত বিশিষ্ট লেখক, শিল্পী পেঞ্চনাৰ ইন্দ্ৰেশ্বৰ পেগু, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট কবি নবীন গগৈ, বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ দলে, লেখক, সাহিত্যিক ডাঃ বিদ্যেশ্বৰ দলেক অসম কবি সন্মিলন তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু মান পত্ৰৰে ব’হাগী বৰণ প্ৰদান কৰা হয় ৷

আনহাতে, অসম সাহিত্য সভাৰ জোনাই শাখা তৰফৰ পৰা নিজৰ দিন ৰূপে লোকবাদ্য শিল্পী ডিপুৰাম বড়ো, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বীণাপাণি পেগু, সমাজ সেৱক জনাৰ্ধন পাতিৰ আৰু জ্যেষ্ঠ নাগৰিক তথা পুৰণা জেলম গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া নিৰ্মল দলেক একোখনকৈ ফুলাম গামোচা আৰু অসম সাহিত্য সভাৰ মানপত্ৰৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে (Jonai Assam Poetry Conference and Assam Sahitya Sabha felicitated Nirmal Dale on occasion of Bohag Bihu) ।

এই সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড৹ সুখলতা ফুকন গগৈ, জোনাই শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ গগৈ, জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগু, লেখক বিজয় বৰি আৰু জোনাই শাখা অসম কবি সন্মিলনৰ সভাপতি পল্লৱী হাজৰিকা দলে উপস্থিত থাকে ৷

লগতে পঢ়ক : Rangali Bihu 2023: এই ৫টা শীৰ্ষ বিহুগীতে দুগুণে বৃদ্ধি কৰিব ৰঙালীৰ আনন্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.