thumbnail

Counter to left wings: হাউলীত বামপন্থীক ৰাষ্ট্ৰ ধ্বংসকাৰী আখ্যা জয়ন্তমল্ল বৰুৱাৰ

By

Published : Jun 30, 2023, 9:31 PM IST

বৰপেটা, 30 জুন: ‘‘বামপন্থাত যিয়ে আছে সি অকল ৰাষ্ট্ৰ ধ্বংস কৰাৰ হে কাম কৰিছে । ৰাষ্ট্ৰ ধ্বংস কৰা মানুহে যদি মোক ’Idiot’ বুলি ভাবিছে তেনেহ’লে মই গৌৰৱ অনুভৱ কৰিছোঁ ৷ তাৰ মানে মই ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰিছোঁ । ৰাষ্ট্ৰ নিৰ্মাণৰ কাম তেওঁলোকে ভাল পাব নোৱাৰে ৷ মই ৰাষ্ট্ৰ নিৰ্মাণ কৰা কাম কৰিছোঁ, গতিকে তেওঁলোকে বেয়া পোৱাটো স্বাভাৱিক । তেওঁ যিহেতু ৰাষ্ট্ৰ ধ্বংসকাৰী গতিকে Idiot বুলি ক’বই ।’’ বিধায়ক মনোৰঞ্জন তালুকদাৰে খচৰা প্ৰস্তুত সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাসহ তিনি মন্ত্ৰীক 3 idiots বুলি কৰা মন্তব্যৰ এইদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

তেওঁ কয় যে, অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে নিৰ্বাচনী আয়োগে যি খচৰা প্ৰস্তুত কৰিলে ই আমাৰ কাৰণে ভৱিষ্যত দিনৰ বাবে সুৰক্ষাৰ কৱচ । তাৰ কাৰণে ভাৰতৰ নিৰ্বাচন আয়োগ সদায় ধন্যবাদৰ পাত্ৰ । যি কাম অসম আন্দোলনে কৰিব নোৱাৰিলে, এন আৰ চিয়ে কৰিব নোৱাৰিলে সেই কাম নিৰ্বাচন আয়োগে কৰি দেখুৱালে । ইফালে শুকুৰবাৰে বৰপেটা জিলাৰ হাউলীত এখন তোৰণ উদ্বোধনৰ লগতে এখন শ্মশানৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Jayantamalla Baruah; আন্দোলন কমিছে, পৰ্যটন আৰু তেলৰ ৰয়েলিটি বাঢ়িছে; খিলঞ্জীয়াৰ ৰক্ষাকবচ সমষ্টি পুনৰ নিৰ্ধাৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.