Indian icon award: সমাজকৰ্মী খগেন বৰালৈ ‘ইণ্ডিয়ান আইকন বঁটা’

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:09 PM IST

thumbnail

ৰৌতা,০৩ অক্টোবৰ: ওৰাঙৰ নিকটৱৰ্তী শোণিতপুৰৰ জোৰাদিয়াৰ বিশিষ্ট সমাজ সেৱক খগেন বৰালৈ INDIAN ICON AWARD আৰু আৰোহণ সমাজ সেৱা বঁটা । খগেন বৰা পেছাত এগৰাকী ফাৰ্মাচী স্বত্বাধিকাৰী যদিও বিভিন্ন সমাজ সেৱামূলক কৰ্মৰ লগত নিজকে নিয়োজিত কৰি ৰাখি ভাল পায় তেওঁ । ইতিমধ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে কেইবাটাও বঁটাৰে খগেন বৰাক সন্মানিত কৰিছে ।  

শেহতীয়াকৈ খগেন বৰালৈ আৰোহণ আৰ্টিষ্ট গীল্ডে আগবঢ়াই 'আৰোহণ‌ সমাজ সেৱা বঁটা' আৰু জ্ঞান উদয় ফাউণ্ডেছনে স্বাস্থ্য সেৱাৰ বাবে INDIAN ICON AWARD বঁটা প্ৰদান কৰিছে । কোনো বঁটা প্ৰাপ্তিৰ বাবে নহয় কেৱল আত্মসন্তুষ্টিৰ বাবেহে নিজকে সমাজ সেৱাত নিজকে নিয়োজিত কৰিছে বুলি জনাইছে খগেন বৰাই । যান্ত্ৰিকতাৰ পৰা নিজকে কিছু পৰিমাণে আঁতৰাই ওচৰ-চুবুৰীয়া অথবা নিজৰ সমাজখনক কিছু সময় দিব পাৰিলে যথেষ্টখিনি মানসিক সকাহ পোৱা যায় বুলিও মত প্ৰকাশ কৰে সমাজকৰ্মী খগেন বৰাই ।

লগতে পঢ়ক: Amrit kalash yatra: নগাঁৱত "অমৃত কলহ যাত্ৰা"ৰ কাৰ্যসূচীত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.