Jonai Dugra Puja: জোনাইতো অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন দুৰ্গতিনাশিনীক - Vijaya Dashami at Jonai

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:32 PM IST

জোনাই, 24 অক্টোবৰ: আজি বিজয়া দশমী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে ভক্তই । যোৱা ৪ দিন ধৰি দেৱীৰ বন্দনাত মুখৰিত হৈ আছিল সমগ্ৰ ৰাজ্য ৷ শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ ঘাটে ঘাটে বিসৰ্জন দিয়া হ'ল দেৱী প্ৰতিমা ।
দেৱীৰ আৰাধনাৰ অন্তত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক আকুলচিত্তে বিদায় দিলে ভক্তগণে । জোনাই, চিলাপথাৰ, চিমেন চাপৰি, চেঙাজান, বদলপুৰ, মেচাকি চাপৰি আদি অঞ্চলৰ অৰ্ধশতাধিক শাৰদীয় দুৰ্গোৎসৱৰ দুৰ্গতিনাশিনী-দশভূজাৰ মূৰ্তি বিসৰ্জন দিয়া হয় চিয়াং, ব্ৰহ্মপুত্ৰ, লালী, চিমেন নদীত । 
দশমীৰ দিনটোত মা দুৰ্গাক বিসৰ্জন দিবলৈ মহকুমা প্ৰশাসনে নিয়ম জাৰি কৰিছিল ৷ এই নিয়ম অনুসৰি মঙলবাৰে দিনৰ ৪ বজাৰ পৰা দুৰ্গা পূজা কমিটিসমূহে সুচাৰুৰূপে প্ৰতিমা বিসৰ্জ্জন দিবলৈ আহে ৷  জোনাইৰ তিনিমাইল ঘাটত দুৰ্গা বিসৰ্জনৰ সময়ত জোনাইৰ মহকুমা আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়া উপস্থিত থাকি তীক্ষ্ণ দৃষ্টি ৰাখে ৷

লগতে পঢ়ক: Durga immersion in Guwahati : চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.